newsnexeone.com|পশ্চিম নলবাৰীঃ নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই যোৱা ১১ তাৰিখে আবেলি ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ বেৰ, লৌহ গেট, ৰোগীৰ জিৰনী কোঠা আৰু ৰাজহুৱা শৌচগাৰৰ আধাৰশিলা স্হাপন কৰে৷ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ অনুমোদিত নলবাৰী জিলা গড়কাপ্তাণী (গৃহ বিভাগ) বিভাগৰ দ্বাৰা আবন্টিত প্ৰায় ১৭ লাখ টকাৰ উদগনি আগবঢ়ায়৷ লগতে নিৰ্মাণ হ’বলগীয়া উক্ত কাম চাৰিটাই স্বাস্থ্য কেন্দ্ৰটোত দীৰ্ঘদীন ধৰি ভূগি অহা ৰাইজৰ অসুবিধা দূৰ কৰিব বুলি বিধায়ক গৰাকীয়ে ভাষনৰ প্ৰসংগত উল্লেখ কৰে৷