newsnextone.com | নগাঁওঃ নগাঁৱত সম্বৰ্দ্ধনা গ্ৰহণ কৰি নিজৰ ঘৰলৈ বুলি অহা স্বৰ্ণকন্যা গৌৰৱ হিমা দাস আজি বিয়লি দ্বিতীয় বৈকুণ্ঠ ঐতিহাসিক বটদ্ৰৱা থানত উপস্থিত হয়৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথিৰ পবিত্ৰ দিনটোতে বিশ্ব এথলেটিকচ্ জগতখনত বিশেষ কৃৰ্তিত্ব অৰ্জন কৰি ধিঙৰ কান্ধুলিমাৰীৰ নিজা গৃহলৈ ওভতাৰ পথত আজি তিৰোভাৱ তিথিত শঙ্কৰগুৰুৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠখ্যাত বটদ্ৰৱা থানত সেৱা নিবেদন কৰিহে ধিঙলৈ যোৱাৰ পৰিকল্পনা কৰে দৌৰৰ ৰাণী হিমাই৷ 

পৰিকল্পনা অনুসৰি, বিয়লি প্ৰায় ৩.৩০ বজাত বটদ্ৰৱা থানত উপস্থিত হয় হিমা দাস ৷ বটদ্ৰৱা থানত উপস্থিত হোৱাৰ লগে লগে গুৰু কীৰ্তন উপলক্ষে থানত সমবেত হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে আগুৰি ধৰি মৰম আৰু আদৰৰে উপচাই পেলায় অসমী আইৰ সুযোগ্য জীয়াৰীগৰাকীক৷ ৰাইজৰ মৰম আদৰ গ্ৰহণ কৰি কীৰ্তনঘৰত মুৰ দোৱাঁই সেৱা জনাই আৰ্শীবাদ গ্ৰহণ কৰে হিমাই৷ 

শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে নিৰ্মালী প্ৰদান কৰি আশীষবাণী প্ৰদান কৰে৷ তাৰ পাছতে গুৰুজনাই ব্যৱহাৰ কৰা ঐতিহাসিক পাটনাদটোৰ কাষতে হিমা আৰু প্ৰশিক্ষকদ্বয়ে একোটিকৈ গছপুলি ৰোপন কৰে৷ বটদ্ৰৱা থানত উপস্থিত হোৱা খেলুৱৈগৰাকীক পৰিচালনা সমিতিয়ে জাপি বাটচৰাৰ পৰা আদৰি নিয়ে৷ 

কীৰ্তনঘৰত সেৱা জনোৱাৰ পিছত থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানত থানৰ হৈ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক সহিতে সদস্যসকলে গামোছা, শৰাই, কুঁহিলা কঠ, গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্দ্ধনা জনায়৷ ইয়াৰোপৰি থান প্ৰাংগনৰ ভিতৰে বাহিৰে বৃহত্তৰ বটদ্ৰৱা এলেকাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষৰ লগতে বিভিন্ন স্থানৰ তীৰ্থযাত্ৰীসকলে স্বৰ্ণকন্যাক মৰমতে মুৰে কপালে হাত বোলাই অনাগত দিনবোৰৰ বাবে আৰ্শীবাদ প্ৰদান কৰে৷ 

নগাঁও চহৰৰ পৰা বৰদোৱালৈকে সমগ্ৰ পথচোৱাত হুজগাঁও, চিলঙনি, ৰাইডঙীয়া, ভোমোৰাগুৰি, ভেটিয়নি, শান্তজান পাৰ আদিটো গুণমুগ্ধসকলে ব্যাপক উৎসাহেৰে হিমাক বিপুল সম্বৰ্ধনা জনায় ৷ পিছত বটদ্ৰৱা থানৰ পৰা সমদলেৰে হিমা দাস গৃহভূমি ধিং অভিমুখে ৰাওঁনা হয়৷