newsnextone.com৷ হোজাইঃ সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ মধ্যকালীন অধিৱেশন খন চাৰি দিনীয়া কাৰ্য্যসূচীৰে এইবাৰ হোজাই জিলাৰ নীলবাগানত অনুষ্ঠিত কৰা হ’ব৷ সেই উপলক্ষে সদৌ অসম কবি সন্মিলনৰ সম্পাদক প্ৰধানে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন সংবাদমেল যোগে অধিবেশন খনৰ প্ৰস্তুতি সম্পৰ্কে জনায়৷ অধিবেশন খনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কবি, বুদ্ধিজীৱীৰ উপৰিও বহিঃৰাজ্যৰ বহু কবি সাহিত্যিকে অংশগ্ৰহণ কৰিব বুলি সংবাদমেলত সদৌ অসম কবি সন্মিলনৰ সম্পাদক প্ৰধান উজ্জল পাওগামে সদৰি কৰে৷

ইয়াৰোপৰি এই কবি সন্মিলনতে স্মৃতি গ্ৰন্থ, কাব্যমনীষা, কাব্য কণ্ঠ, দেৱৰাজ মিলিৰ আঙুলি, মস্তুফা আহমেদৰ, ৰাজীৱ হুচেইনৰ ভোক, তুলিকা দেৱীৰ পৰিধিবিহীন মোৰ আকাশ, কংকনা বাদেৰ বাইকাৰ নীলিম আকাশ, বিশিষ্ট সাংবাদিক ছাদিকুজ জামানৰ ‘মনত পৰে’ আদি কৰি প্ৰায় পঞ্চাছ খনমান কাব্য গ্ৰন্থ উন্মোচন কৰা হ’ব৷ লগতে বহু কেইজন বিশিষ্ট কবিক এই নীলবাগান অধিবেশনতেই সন্মানীয় উপাধিও প্ৰদান কৰিব বুলি জানিব পৰা গৈছে৷ এই অধিবেশন খনিৰ পৰাই সমগ্ৰ অসমলৈ এটি সমন্বয়ৰ বাৰ্তা যাব বুলি তেওঁলোকে আশা কৰে৷ কবি সন্মিলনৰ লগত সংগতি ৰাখি গ্ৰন্থ মেলাৰো আয়োজন কৰা হৈছে৷ৰ এই চাৰিদিনীয়া কাৰ্যসূচী সফল ৰূপাপয়ন বাবে সকলো পক্ষকে সহায় সহযোগীতা আগবঢ়াবলৈ আহবান জনায়৷