newsnextone.com |তামুলপুৰঃ  ভাৰত ভূটান সীমান্তৰ দৰংগাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বুধবাৰে মুকলি কৰে এক সীমান্ত বাণিজ্য কেন্দ্ৰ। যিটো বাণিজ্য কেন্দ্ৰৰ জৰিয়তে সীমা শুল্ক বিভাগৰ বাবে দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ হোৱাৰ লগতে ব্যৱসায়ী সকলৰ বাবে সহজ সাধ্য হব ব্যৱসায়িক কাম কাজ। সমান্তৰালভাবে লাভবান হ’ব ইয়াৰ জনসাধাৰণ। বাস্কাৰ তামুলপুৰৰ দৰংগাত 1402.71 লাখ প্ৰকল্পৰ বাবে খৰচ বহন কৰাৰ বিষয়ে প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷

চুবুৰীয়া দেশ ভূটান বহু পৰিমানে ভাৰত বৰ্ষৰ ওপৰত নিৰ্ভৰশীল। চাউল, দাইলৰ পৰা আৰম্ভ কৰি পেট্ৰ’লিয়াম সামগ্ৰীলৈ, যন্ত্ৰ পাতিৰ পৰা হাঁহ কুকুৰালৈকে ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিব লাগে চুবুৰীয়া দেশ খনে। শ শ মালবাহী গাড়ী দৈনিক ভাৰতৰ পৰা ভূটানলৈ যায়। কিন্তু প্ৰতি খন গাড়ীয়ে দিব লগীয়া সীমা শুল্ক দিবলৈ যাবলগীয়া হৈছিল সুদূৰ নলবাৰীলৈ। কাৰণ এটা সৰু জুপুৰি ঘৰত চলি থকা সীমা শুল্ক বিভাগৰ কাৰ্যালয় সুবিধা দিব পৰা নাছিল। কিন্ত কেন্দ্ৰীয় ASIDE আঁচনিৰ অধীনত দৰংগাত গঢ়ি উঠিল ১৪০২.৭১ লাখ টকীয়া এই গুৰুত্ব পূৰ্ণ বাণিজ্য কেন্দ্ৰ। যত উপলব্ধ হ’ব বেংক ব্যৱস্থা, শুল্ক সুবিধা, আলোচনা কক্ষ, goods storage, driver জিৰণি কক্ষ, waight ব্ৰীজ আৰু বহুতো সুবিধা৷

ইয়াৰ সমান্তৰাল কৈ ভূটানৰ পৰা ৰপ্তানি হয় আলু, gypsam, ferro-silicon, কমলা ইত্যাদি। যাৰ পৰা ২০১৭-১৮ বৰ্ষত ১২৬,৯৬,৮৯,২৬৪ টকা শুল্ক হিচাপে লাভ কৰিছিল ভাৰতে। ২০১০ চনতে কেন্দ্ৰ চৰকাৰে যোগান ধৰা ধনেৰে ৮ বছৰৰ মূৰত সম্পূৰ্ণ হলেও অনাগত সময়ত যে সীমান্ত বাণিজ্যত ই এক সুদূৰ প্রসাৰী প্ৰভাৱ পেলাব বুলি দাবী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে ভাৰত চৰকাৰে ভাৰত ভূটান সীমান্ত ত ২৬৪ কি.মি দৈঘ্যৰ এক ফৰলেন যুক্ত পথ নিৰ্মাণ কৰাৰ পৰিকল্পনা লৈছে। অহা মাহৰ পৰা ৰূপশ্ৰী বিমান বন্দৰৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। এই অনুষ্ঠানতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিজৰ ভাষণ ৰ মাজতে লোকসভাৰ অনাগত নিৰ্বাচন ত বিপিএফ ৰ মুখ্য প্ৰতিদ্বন্দী হীৰা শৰণীয়াৰ বিৰুদ্ধে কঠোৰ হবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীক। ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মন্ত্ৰী চন্দ্রমোহান পাটোৱাৰী কে ধৰি বহু কেইজন বিধায়ক, বিটিচি ৰ কাৰ্যবাহী সদস্য উপস্থিত থাকে।