newsnextone.com| টীয়কঃ যোৰহাট জিলাৰ টীয়ক নগৰৰ মিধাখাত তিনি আলিৰ সমিপত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত আজি বিয়লি এখন ৭০৯ বাছ আৰু এখন মটৰচাইকেলৰ মুখামুখী সংৰ্ঘষত বাইকৰ আৰোহীজন গুৰুতৰ ভাৱে আহত হয়৷ জানিবপৰা মতে শিৱসাগৰ পৰা যোৰহাট অভিমুখে আহি থকা শুভ লক্ষ্মী নামৰ ৭০৯ (AS-04D-5541) বাছ খনৰ লগত বিপৰীত দিশে আহি থকা splender মটৰ বাহকখন ( As-03D-7120) ৰ মুখামুখী হোৱাত দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত পতিত হোৱা সিদ্ধাৰ্থ বৰা নামৰ মটৰ চাইকেল আৰোহী যুৱক জনক আঘাতপ্ৰাপ্ত অৱস্থাত পোৱা যায়। সংকট জনক অৱস্থাত আৰোহী জনক যোৰহাট মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়৷ উল্লেখযোগ্য যে চিকিৎসাধীন হৈ থকা জনৰ ঘৰ চেলংহাটৰ তিপমীয়াত বুলি জানিব পৰা গৈছে৷ লগতে টীয়কৰ আৰক্ষীয়ে দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে৷