ড০ পিতাম্বৰ দেৱ গোস্বামীৰ দ্বাৰা প্ৰণিত ‘আমেৰিকাৰ আমৰঙা ৰং’ শীৰ্ষক গ্ৰন্থ উন্মোচন

newsnextone.com | টীয়কঃ আজি মহাপুৰুষ শ্ৰীশ্ৰী শংকৰ দেৱৰ তিৰোভাৱ তিথিৰ দিনা টীয়কৰ কলিয়াপানী স্থিত ঐতিহাসিক শ্ৰীশ্ৰীআউনীআটী সত্ৰত সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামীয়ে ‘মাজুলিলে আহা’ শীৰ্ষক এখন গীতৰ চিডি উন্মোচন কৰে৷ 

‘আমাৰ অসম’ কাকতৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্ম্মাৰ ৰচনা, পৰীক্ষিত কলিতাৰ সুৰ আৰু অসীম দাসৰ সংগীতেৰে সজোৱা এই ‘মাজুলিলে আহা’ শীৰ্ষক গীতৰ চিডি খনত কণ্ঠদান কৰিছে শিল্পী অৰ্চনা কৌশিকে৷

এই অনুষ্ঠানতে শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামীৰ দ্বাৰা প্ৰণিত ‘আমেৰিকাৰ আমৰঙা ৰং’ শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰে৷ দুয়োটা অনুষ্ঠানতে শতাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে৷