newsnextone.com | ডিজিটেল ডেস্কঃ গাখীৰৰ মূল্য বৃদ্ধিৰ দাবীত সোমবাৰে পুৱাৰে পৰা মহাৰাষ্ট্ৰৰ কৃষক সংগঠনে প্ৰতিবাদ কৰি আহিছে৷ স্বাভিমানী সৎকাৰী নামৰ সংগঠনটোৱে ৰাজ্যত প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ বৃদ্ধি কৰাৰ দাবী জনায় কৃষকক গাখীৰ বিক্ৰী বন্ধ কৰি দিয়ে৷ 

তাৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে এখন ট্ৰাকত চালক ভিতৰত থকাৰ সময়তে পেট্ৰল ঢালি অগ্নিসংযোগ কৰে৷ মালেগাঁৱত ৰাজহাম মিল্ক চপ নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ গাড়ীখন জ্বলাই দিয়ে৷ চালকজন গাড়ীৰ ভিতৰত থকা সময়তে অগ্নিসংযোগ কৰে যদিও চলকৰ কথমপি প্ৰাণ ৰক্ষা পৰে৷