newsnextone.com | লিডুঃ ৰেল যাত্ৰীৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নোহোৱা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ৰেলেৰে ঘৰলৈ আহি থকা এজন যুৱকে যোৱা ১০ দিন ধৰি ঘৰলৈ আহি নােপোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ পৰিয়ালক ফোনেৰে ৰেলত উঠি ঘৰলৈ আহি থকা বুলি জনোৱাৰ পিছতোঁ যোৱা ১০টা দিনে ঘৰ আহি নোপোৱাত পৰিয়ালে চিন্তাত দিন পাৰ কৰিব লগা হৈছে৷

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰগোলাই ৰত্নাপুৰ লাইনৰ দেৱাশিষ দে নামৰ ৩৫ বছৰীয়া যুৱকজনৰ যোৱা ১০ দিন ধৰি কোনো ধৰণৰ শুংসুত্ৰ নোহোৱা হোৱাত চকুলো টুকি সময় পাৰ কৰিছে পৰিয়ালে৷  

জানিব পৰা মতে, যোৱা ৭ জুলাইত গুৱাহাটীৰ ৰেল ষ্টেচনৰ ৰেলত উঠি ঘৰলৈ আহি থকা বুলি জনাইছিল যুৱক দেৱাশিষে৷ কৰ্মসুত্ৰে উড়িষাৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰা দেৱাশিষে নিজ ঘৰলৈ আহি আছিল৷ ৭ জুলাইত গুৱাহাটীত উপস্থিত হৈ ৰেল ষ্টেচনৰ পৰা কামৰূপ এক্সপ্ৰেছত ঘৰলৈ ৰাওনা হোৱাৰ কথা পৰিয়ালৰ লোকক ফোন যোগে অৱগত কৰে৷ কিন্তু আজি পৰ্যন্ত যুৱকজনে ঘৰ আহি নাপালে৷ 

গুৱাহাটীৰ ৰেল ষ্টেচনৰ পৰা ঘৰলৈ ফোন কৰাৰ পাছৰে পৰা যুৱকজনৰ মোবাইল ফোন বন্ধ হৈ আছে৷ ইতিমধ্যে দেৱাশিষৰ পৰিয়ালে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ লগতে ৰেল আৰক্ষীক নিৰুদ্দেশ সন্দৰ্ভত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ধৰণৰ শুংসুত্ৰ বৰ্তমানেও উলিয়াবলৈ সক্ষম হোৱা নাই৷ অসমীয়া, বাংলা আদি ভাষা স্পষ্টকৈ কব জনা যুৱকজনৰ কোনো লোকে সম্ভেদ লাভ কৰিলে পৰিয়ালৰ লোকে ৯৯৫৭১০৬৫১৪ আৰু ৯৩৬৫১৯৫৪৬২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়৷