newsnextone.com | দিচাংমুখঃ যোৱা তিনি মাহত কৈ অধিক কাল চিকিৎসাধীন হৈ থকা মিনালী ডেকা (২৯)ৰ বৰ্তমান দুয়োটা বৃক্ক বিকল হৈ পৰিছে। পিতৃ বিহীন মিনালীয়ে ঘৰখন পোহ পাল দি আহিছিল এখন বেচৰকাৰী শিক্ষা অনুষ্ঠানত শিক্ষয়িত্ৰী হিচাপে কৰ্ম কৰি। কিন্তু নিয়তীৰ চৰম খেলত পৰাভূত হৈ মিনালীয়ে দুয়োটা বৃক্ক হেৰুওৱাৰ পিছত এতিয়া পৰিয়ালটো উপাৰ্জনহীন হৈ আৰ্থিক দুৰাৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ইফালে, মিনালীৰ মাতৃ ৰীণা ডেকাই আৰ্থিক অক্ষমতাৰ বাবে জীয়াৰীৰ চিকিৎসা আধাতে সামৰি চকুলো টুকিবলগীয়া হৈছে৷

শিৱসাগৰৰ জোনাকী নগৰৰ এটি সাধাৰণ ভাড়াঘৰত ভাড়াতীয়া হিচাপে বাস কৰা মিনালী আৰু মাতৃৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি মঙলবাৰে স্থানীয় ৰাইজ আৰু একাংশ সহৃদয়বান লোকে মিনালীক চিকিৎসাৰ বাবে পুনৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত মিনালীৰ চিকিৎসা খৰচক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালটো৷ 

যাৰ বাবে মিনালীৰ মাতৃ আৰু আৰু স্থানীয় ৰাইজে অৱশেষত মিনালীৰ চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু সুহৃদৰ সহায় ভিক্ষা কৰিছে৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মিনালীৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ পৰিয়ালে শিৱসাগৰ শাখা ষ্টেট বেংকৰ ৩১১২৬০০২৯২৬, আইএফএছচি- এছবিআইএন০০০০১৮২ একাউন্টত আৰ্থিক সহায় প্ৰেৰণ কৰিবলৈ নতুবা ৯৯৫৪৬৫৪৮২৩ ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷