newsnextone.com৷ দিচাংমুখঃ সংবাদ মাধ্যমত প্ৰকাশ পোৱা শিৱসাগৰৰ নিৱাসী মিনালীৰ শৰীৰৰ অৱস্থা শোচনীয় নাছিল৷ নিজৰ কৰ্মৰ বলত শিক্ষকতাৰে টকা উপাৰ্জন কৰি পৰিয়ালক ভৰণ-পোষণ দি কোনোমতে চলাই নিছিল ঘৰখন৷ কিন্তু চিকিৎসাৰ বাবে টকাৰ টনা-আজুৰা অৱস্থাৰ ফলত মিনালীৰ মাতৃয়ে ৰাইজৰ সাহাৰ্য বিচাৰি সহায়ৰ বাবে কাকূতি কৰে৷ অৱশেষত স্থানীয় ৰাইজে সহায় সহযোগিতা আগবঢ়োৱাৰ ফলত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল মিনালীক৷ কিন্তু বাতৰি সম্প্ৰচাৰৰ খন্তেক সময়ৰ পাছতেই মিনালীয়ে মৃত্যুক সাবতি লয়৷ মিনালীৰ মৃত্যুক এতিয়াও মানি ল’ব পৰা নায় ঘৰৰ পৰিয়ালবৰ্গই৷ অঞ্চলটোত বৰ্তমানে শোকাকুল অৱস্থা৷ অৱশেষত মৃত মিনালীৰ আত্মাৰ সদ্গতিৰ বাবে নিউজ নেক্সত ওৱান তৰফৰ পৰা সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো৷ আনফালে শোকত ভাঙি পৰা পৰিয়াল বৰ্গ তথা স্থানীয় ৰাইজেও শোক প্ৰকাশ কৰিছে৷