newsnextone.com | ডিফুঃ বহিঃৰাজ্যত পুত্ৰ-কন্যা-নাতি-বোৱাৰীৰ খবৰ ল'বলৈ গৈ ক'ত হেৰাল শোণিতপুৰৰ জনৰ ছিং ওয়াৰী? ৰে'লত ৰঙিয়া ষ্টেচনৰ পৰা দিল্লীলৈ যাত্ৰা কৰা জনৰ ছিং ওয়াৰীৰ ৪ দিনে সন্ধান নাপাই উদ্বিগ্ন হৈ পৰিছে পৰিয়ালবৰ্গ৷ ইফালে, ব্যক্তিগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে ৰে'ল আৰক্ষীও৷

ভাৰতীয় ৰে'লত কোনোপধ্যেই সুৰক্ষিত নহয় যাত্ৰী৷ এই কথা যেন পুনৰ এবাৰ সত্য প্ৰমাণিত হ'ল শেহতীয়া এক ঘটনাৰ পৰা৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাট থানাৰ টিলাপাৰা গাঁৱৰ বাসিন্দা ৫৮ বছৰীয়া জনৰ ছিং ওয়াৰীয়ে ৬ ছেপ্তেম্বৰৰ দিনা ৰঙিয়া ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল দিল্লী অভিমুখে৷ উদ্দেশ্য কৰ্মসূত্ৰে দিল্লীত থকা পুত্ৰ-কন্যা-নাতি-বোৱাৰীৰ খবৰ লোৱা৷ 

কিন্তু আজি ৬ দিনেও দিল্লী গৈ পোৱা নাই জনৰ ছিং৷ পৰিয়ালৰ ভাষ্য মতে, ৮ ছেপ্তেম্বৰত ব্যক্তিগৰাকীৰ সৈতে পৰিয়ালে মোবাইলেৰে শেষবাৰ বাৰ্তালাপ কৰিছিল৷ আৰু সেই সময়ত দিল্লী পাবলৈ মাত্ৰ আঢ়ৈ ঘন্টা দূৰ আছিল৷ কিন্তু ৬ দিন অতিক্ৰম কৰাৰ পিছতো ব্যক্তিগৰাকী দিল্লীত উপস্থিত নহোৱাত পৰিয়াল উদ্বিগ্ন হৈ পৰে৷ আনহাতে তেওঁৰ সৈতে সংযোগো কৰিব পৰা নাই পৰিয়ালে৷ 

ইফালে ব্যক্তিগৰাকী কোনো দুষ্টচক্ৰৰ অসাধু কাৰ্যৰ চিকাৰ হ'ব পাৰে বুলি পৰিয়ালৰ লোক তথা আত্মীয়ই সন্দেহ প্ৰকাশ কৰিছে৷ কাৰ্বি আংলঙৰ লাংহিনত থকা বায়েক-ভিনিহিয়েক আৰু কনিষ্ঠ ভাতৃয়ে ইতিমধ্যে যোগাযোগ কৰিছে ৰে'ল আৰক্ষীৰ সৈতে ৷ পিছে জনৰছিঙৰ সন্ধান উলিওৱাত আজিও ব্যৰ্থ ৰে'ল আৰক্ষী৷ 

ৰে'ল কৰ্তৃপক্ষৰ লগতে ৰাইজলৈ পৰিয়ালবৰ্গই জনৰছিং ওয়াৰীৰ কোনো সন্ধান পালে শীঘ্ৰে স্থানীয় আৰক্ষী নতুবা ৯৩৬৫০০৫৪১৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷