newsnextone.com। তামুলপুৰঃ তামুলপুৰত হঠাতে বিতৰ্কিত বিধায়ক শীলাদিত্য দেৱ। বিগত সময়ছোৱাত ৰাজনীতিত বিতৰ্ক সৃষ্টিকাৰী বিধায়ক শিলাদিত্য দেৱ শুকুৰবাৰে হঠাৎত তামুলপুৰত উপস্থিত হয়।

তামুলপুৰত প্ৰৱেশ কৰিয়েই দৰঙ্গামেলাস্থিত পাগলাবাবা নামেখ্যাত শিৱ মন্দিৰত পদাৰ্পণ কৰি বঙালী অধ্যুষিত অঞ্চল আঙাৰকাটাত এখন সভাত অংশ গ্ৰহণ কৰে। বিতৰ্ক বিধায়ক গৰাকীক সঙ্গ দিয়ে বিটিচিৰ প্ৰক্তন কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ বিজেপি নেতা ৰবীন্দ্ৰ বালা বিশ্বাসে।

ইয়াৰ পিছত শিলাদত্য দেৱে হিন্দু বঙালীৰ বসতি অঞ্চল কাউলি, নাগ্ৰিজুলী আৰু শেষত লতিবাৰীত উপস্থিত হয়। কাউলিৰ সভাত উপস্থিত হৈ বিধায়ক গৰাকীয়ে এন আৰ চি সম্পৰ্কীয় বক্তব্য কৰি কয়, যিয়ে কাগজ-পত্ৰ জমা দিব পাৰে তেঁওৰ নাম থাকিব আৰু যিয়ে দিব নোৱাৰে তেওঁৰ নাম এন আৰ চিত নাথাকে।

কাৰণ টকা পইচা দিলে নথিপত্ৰৰ অভাৱ নাই বুলি বিস্ফোৰক মন্তব্য কৰে। বঙালী ভাষাত বক্তব্য আগবঢ়োৱা বিধায়ক শিলাদিত্য দেৱে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ বক্তব্যক সংবাদ মাধ্যমৰ আগত সমালোচনা কৰে।

ইয়াৰ পূৰ্বে ভাষণ প্ৰসংগত বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিজেপি নেতা ৰবীন্দ্ৰ বালা বিশ্বাসে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বঙালী, নেপালি, মাৰোৱাৰী আদি জাতিক অসমীয়া নহয় বুলি মন্তব্য দিয়া বুলি কৈ ৰবীন্দ্ৰ বিশ্বাসে সাংসদ গৰাকীক সভাযোগে কঠোৰ সমালোচনা কৰে।

সভাত নাগ্ৰীজুলিৰ এম চি এল এ ধৰ্ম নাৰায়ণ দাস, নাগ্ৰিজুলী মণ্ডল বি জি পিৰ সভাপতি ৰামবাছতোলা লগেত বিজেপি আৰু বঙালীৰ ভালকেইগৰাকী নেতা উপস্থিত থাকে। সভাত এন আৰ চিত নাম  অন্তৰ্ভূক্ত  নোহোৱা হিন্দু বঙালী তথা স্থানীয় প্ৰায় এক সহশ্ৰাধিক ৰাইজ উপস্থিত থাকে।