newsnextone.com। শিৱসাগৰঃ শিৱসাগৰত পুনৰবাৰ চলিল মৰেল পুলিচৰ গুণ্ডাগিৰি। প্রশাসনক বুঢ়া আঙুলি দেখুৱাই অতি বেয়াকৈ মৰেল পুলিচৰ আক্ৰমণৰ বলি হব লগা হয় তিনিজনকৈ লোক। দুই ককাই-ভায়ে মিলি তিনিওজন লোকক  গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে।

শিৱসাগৰত মৰেল পুলিচে এতিয়া প্রশাসনক বুঢ়া আঙুলি দেখোৱাটো স্বাভাৱিক ঘটনা হৈ পৰিছে। শিৱসাগৰত ১৫ চেপ্তেম্বৰৰ দিনা বিয়লি গেমন দলঙৰ ওচৰত চলিছিল মৰেল পুলিচৰ গুণ্ডাগিৰিৰ । সেই একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল সোমবাৰে ৰাতি শিৱসাগৰ দিখৌমুখৰ ভৰলুৱা তিনিআলিৰ ওচৰত। 

ঘটনা বিৱৰণি মতে সোমবাৰে ৰাতি দিখৌমুখৰ কৃষ্ণচিগা গাঁৱৰ নামঘৰত দিহানামৰ সামৰণি অনুস্থান আছিল। নামৰ সামৰণি অনুস্থানলৈ উজনী ভৰলুৱা গাঁৱৰ ৰাইজৰ ফালৰ পৰা ১০ জন যুৱকক দিহানাম সামৰণি অনুস্থানলৈ পঠাইছিল,তাৰে ৫ জন যুৱকক নাম সামৰণি অনুস্থানত ৰাখি ৫ পাঁচজন ঘৰলৈ আহিছিল।

ঘূৰি আহাৰ পথত কোনো কথা-বতৰা নোহোৱাকৈ কিয় গুচি আহিলি বুলি দিগন্ত দত্ত আৰু জিতু দত্তই নিজ ঘৰৰ ওচৰতে যুৱক পাঁচজনৰ এজনক প্রথমে মাৰধৰ কৰে লগৰ এজনক প্রথমে টেটু চেপি মাৰিবলৈ ধৰোতে লগৰ এজনে বচাবলৈ গৈছিল কিন্তু  দুই ভাই-ককায়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে তিনি যুৱকক।

তাতেই ক্ষান্ত নাথাকি লগতে কাপোৰ ফালি চিৰা-চিৰ কৰে। লগৰে দুজনে ভয়তে পলাই সাৰিবলৈ সক্ষম হয় যদিও পিছত আটাইকেইজন আঁতৰি আহিলত পুনৰ চিপৰাং এচটা লৈ খেদি আহে বুলি জানিবলৈ দিছে  যুৱককেইজনে।

আক্ৰমণৰ বলি হোৱা তিনিওজন যুৱকে গাঁৱৰ ৰাইজক অৱগত কৰাত ৰাতি ১০.৩০ বজাত ৰাইজে গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দিয়ে। ৰাতি তিনিওজন যুৱকক আৰক্ষীয়ে গৌৰীসাগৰ স্বাস্থ্য কেন্দ্রত চিকিৎসা কৰোৱাৰ পিছত আজি পুৱা ৮.৪৫ বজাতহে উপস্হিত হোৱাৰ লগতে গৌৰীসাগৰ আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই টুলুঙা মন্তব্য কৰাক লৈয়ো ৰাইজে ক্ষোভ প্রকাশ কৰিছে। উল্লেখ্য যে, অতি সোনকালে প্রশাসনে ব্যৱস্থা গ্রহণ নকৰিলে ৰাইজে অধিক কঠোৰ হব বুলি জানিবলৈ দিছে।