newsnextone.com | ডিফুঃ ‘হিন্দু-মুছলমান সকলো বিদেশী অসমৰ পৰা বিতাৰণ হব লাগে। বিদেশীমুক্ত এখন নাগৰিকপঞ্জী প্ৰস্তুত হব লাগে। শংকৰ-আজানৰ অসমত সকলোৱে শান্তিত থাকিব লাগে৷’ -এই বক্তব্য মুছলিম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বদৰুল ইছলাম আৰু সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীৰ।

আজি মুছলিম ছাত্ৰসন্থাই প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অভিযোগ উত্থাপন কৰি কয় যে সকলোৱে বিচৰা ধৰণে প্ৰতীক হাজেলাই এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুতৰ পক্ষত নাই৷ ছাত্ৰ নেতা দুগৰাকীয়ে বিজ্ঞপ্তিত কয় যে, এনআৰচিৰ নামত চৰকাৰে মাথো চৰকাৰী ধন ব্যয় কৰি আছে৷

ছাত্ৰ নেতাগৰাকীয়ে আশংকা কৰিছে যে, এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই নিজ ইচ্ছামতে সিদ্ধান্ত ল’ব পৰা নাই আৰু ল’ব নোৱাৰে বুলি ধাৰণা হয়৷

এচাম সাম্প্ৰদায়িক নেতা আৰু কোনোবা চৰকাৰী ষড়যন্ত্ৰৰ দ্বাৰা পৰিচালিত হৈ হাজেলাই নিজাকৈ কোনো সিদ্ধান্ত ল’ব পৰা নাই বুলি অভিযোগ কৰে মুছলিম ছাত্ৰ সন্থাৰ নেতাদ্বয়ে।

প্ৰতীক হাজেলাই যি কাৰণতেই ১৯৫১ চনৰ এনআৰচি, ১৯৮৬ আৰু ১৯৭১ চনৰ ২৫ চনৰ পূৰ্বৰ ভোটাৰ তালিকা, ৰেচন কাৰ্ড আৰু শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ বাদ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে সেই ক্ষেত্ৰত প্ৰয়োজনত মুছলিম ছাত্ৰ সন্থায়ো সন্মানীয় উচ্চতম ন্যায়ালয়লৰ কাষ চাপিব৷

যিবোৰ নথিপত্ৰ হাজেলাই নাকচ কৰাৰ চিন্তা কৰিছে সেইবোৰ নথিপত্ৰ সকলো চৰকাৰী নথিপত্ৰ। এইক্ষেত্ৰত সন্মানীয় উচ্চতম ন্যায়ালয়ৰ প্ৰতি মুছলিম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে। ৰাইজৰ স্বাৰ্থৰ প্ৰতি চাই উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল’ব তাত হাজেলাৰ সম্প্ৰদায়িকতাই স্থান নাপাব বুলি আশা আছে।

সংগঠনটোৰ উপদেষ্টা গৰাকীয়ে তথাপিও আশা কৰিছে প্ৰতীক হাজেলাই মানুহৰ অন্তৰত আঘাত দিয়া আৰু মানুহৰ শাৰীৰিক-মানসিক কষ্টমূলক হোৱা কোনো কাম নকৰিব। মুছলিম ছাত্ৰ সন্থাই অসম চুক্তিক সন্মান জনাই আহিছে আৰু ভৱিষ্যতেও সমৰ্থন কৰি যাব। অসম চুক্তিৰ আধাৰতে নাগৰিকপঞ্জীৰ সকলো কাম কাজ আগবাঢ়ি যোৱাৰ দাবী বাবে এক বিবৃতি যোগে মুছলিম ছাত্ৰ সন্থা, অসমৰৰ মূখ্য উপদেষ্টা বদৰুল ইছলাম, সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে জানিবলৈ দিছে৷