newsnextone.com| নগাঁওঃ  চি বি এচ ইৰ পাঠ্যক্ৰমত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনাদৰ্শৰ এটি পাঠ অন্তৰ্ভূক্তি কৰি দেশৰ নৱ প্ৰজন্মক গুৰুজনাৰ বিশাল ব্যক্তিত্ব সমন্ধে জানিবৰ বাবে সুবিধা প্ৰদানৰ পোষকতা সাংসদ গৌৰৱ গগৈয়ে৷ সেয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সজোৰে দাবী জনাই আহিছে যুৱ সাংসদ গৰাকীয়ে৷ আনকি তেওঁ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীক লিখিত ভাৱে অসমবাসীৰ হৈ এই দাবী কৰিছে৷ 

আজি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিত আয়োজিত দুটাকৈ অনুষ্ঠানত অংশগ্ৰহন কৰি এই পদক্ষেপৰ কথা ৰাইজৰ সন্মুখত অৱগত কৰে ইতিমধ্যে দেশৰ শ্ৰেষ্ঠ সাংসদৰ সন্মান লাভ কৰা সাংসদগৰাকীয়ে৷ পবিত্ৰ ভাদ মাহতে জন্ম হোৱা গুৰুজনাৰ একান্ত ভক্ত সাংসদ গৌৰৱ গগৈয়ে ৰাজনীতিৰ ব্যস্ততাৰ মাজতে পবিত্ৰ ভাদমাহত ঐতিহ্যমণ্ডিত কোচবিহাৰৰ মধুপুৰ সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰ, আঠখেলিয়া বৰনামঘৰ, ভৰালী নামঘৰ আদিত সেৱা নিবেদন কৰাৰ পিছত আজি ভাদ মাহৰ শেষৰ দিনটোত গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত সেৱা লৈ সমষ্টিবাসীৰ লগতে নিজৰ কুশল মংগল কামনাৰে আৰ্শীষ গ্ৰহন কৰে৷ 

ইয়াৰ পিছতে সাংসদগৰাকী শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ কীৰ্তনঘৰৰ মনিকূটৰ কাষতে থকা হাটিপুখুৰীৰ পাৰত সাংসদ উন্নয়ন পূঁজিৰ ১০ লাখ টকা ব্যয়ৰে ভকতসকলৰ বাবে দুটা অত্যাধুনিক হাটিবহাৰ নিৰ্মান কাৰ্যৰ আধাৰশিলা স্থাপন কৰে৷ এই অনুষ্ঠানত শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামী, থান পৰিচালনা সমিতি সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সহকাৰী সম্পাদকদ্বয় ইন্দ্ৰ মোহন বৰুৱা, যোগেন শইকীয়া প্ৰমুখ্যে সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকি ধৰ্মবস্ত্ৰ, কুঁহিলা কঠ, থান বৰ্ণনাৰ গীত, শৰাই, গ্ৰন্থৰ টোপোলা আদিৰে সাংসদ গৌৰৱ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে৷ এই কাৰ্যসূচীৰ পূৰ্বে সাংসদগৰাকীয়ে বৰচিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩৭০ বছৰ গৰকা ঐতিহাসিক নৰোৱা কুঁজি সত্ৰ বৈষ্ণৱপুৰ থানৰ সন্মুখভাগত সাংসদ উন্নয়ন পুঁজিৰ ৫ লাখ টকা ব্যয়ৰে নিৰ্মান হ’বলগীয়া এটি আটকধুনীয়া প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন কৰি ইতিহাস প্ৰসিদ্ধ থানখনত সেৱা লোৱাৰ লগতে সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱ আইসকলৰ সতে মত বিনিময় কৰে৷ 

সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী প্ৰমুখ্যে ভকতসৱে থান প্ৰাংগনত আয়োজন কৰা অনুষ্ঠানত যুৱ সাংসদগৰাকীক উষ্ম আদৰণি জনায়৷ বিয়লি কদমনি টাইটেল মাদ্ৰাছাত এটি ছাত্ৰাবাসৰ লগতে বাটমাৰী ছোবাহী মাদ্ৰাছাৰ গৃহ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰি শিক্ষক ছাত্ৰসমাজৰ লগত মত-বিনিময় কৰে সাংসদ গৌৰৱ গগৈয়ে৷ আজিৰ এই কেওটা অনুষ্ঠানত সাংসদগৰাকীক প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, বিশিষ্ট সমাজসেৱী শিৱামনি বৰা, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ৰমেশ বৰদলৈ, সমাজকৰ্মী দীপ দাসকে প্ৰমুখ্য কৰি বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ দলৰ বহু সংখ্যক নেতা-কৰ্মীয়ে সংগদান দিয়ে ৷