newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওচৰত বান্দৰৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ এক বিশেষ উপায় আছে৷ তেওঁৰ মতে, যেতিয়াই বান্দৰে আক্ৰমণ কৰিবলৈ আপোনাক খেদি আহে, তেতিয়াই আপুনি জেপৰ পৰা হনুমান চালিচাখন উলিয়াই পঢ়িবলৈ লওক৷ দেখিব, বান্দৰে আপোনাক আক্ৰমণ নকৰে৷ 

বিজেপি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মথুৰা-বৃন্দাবনবাসীক এইদৰে বান্দৰৰ আক্ৰমণৰ পৰা হাত সৰাৰ বাবে এনেদৰে প্ৰদান কৰা পৰামৰ্শই এতিয়া চৰ্চা লাভ কৰিছে৷ উল্লেখ্য যে, তীৰ্থস্থান মথুৰা আৰু বৃন্দাবনৰ মন্দিৰ সমূহৰ লগতে অইন সকলো স্থানতে বান্দৰৰ সংখ্যা যথেষ্ট বেছি আৰু তাত বান্দৰে প্ৰায়ে তীৰ্থযাত্ৰী আৰু স্থানীয় লোকসকলক আক্ৰমণ কৰি আহিছে৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুকুৰবাৰে ৰাজ্যখনৰ পৰ্যটন বিভাগৰ হৈ বৃন্দাবনৰ অক্ষয় পাত্ৰ পৰিসৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত ভাগ লয়৷ সেই সময়তে স্থানীয় একাংশ লোকে তেওঁক বান্দৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আবেদন জনায়৷ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক প্ৰতিদিনে এখন হনুমান চালিচা লগত লৈ ফুৰাৰ পৰামৰ্শ প্ৰদান কৰে আদি বান্দৰে আক্ৰমণ কৰিবলৈ আহিলেই হনুমান চালিচা পঢ়িবলৈ কয়৷

আনহাতে বান্দৰৰ ওপৰত মানুহে চলোৱা অত্যাচাৰ ৰোধ কৰাৰ ক্ষেত্ৰতো মন্তব্য প্ৰকাশ কৰি আদিত্যনাথে নিজৰ অনুভৱ ব্যক্ত কৰে৷ তেওঁ গোৰখপুৰ কাৰ্য্যলয়ৰ এক ব্যক্তিগত অনুভৱৰ বিষয়ে বৰ্ণনা কৰি মানুহে বান্দৰৰ ওপৰত অত্যাচাৰ চলাব নালাগে বুলি কয়৷

তেওঁ কয়, গোৰখপুৰৰ তেওঁৰ কাৰ্যালয়ত এদিন এটা বান্দৰ আহি তেওঁৰ কোলাত বহে৷ তেতিয়া তেওঁ বান্দৰটোক কল খাবলৈ দিয়ে৷ কল খাবলৈ পাই বান্দৰটো সদায় কাৰ্যালয়লৈ অাহি আদিত্যনাথৰ কোলাত বহা কৰিলে আৰু আদিত্যনাথেও বান্দৰটোক মৰম কৰি প্ৰতিদিনে ফল মূল খাবলৈ দি থাকিল৷ এয়া প্ৰত্যক্ষ কৰি যোগী আদিত্যনাথৰ এজন কৰ্মকৰ্তাই এদিন তেওঁক প্ৰশ্ন কৰিলে যে তেওঁ কিয় বান্দৰটোক সদায় কোলাত বহুৱাই লয়? উত্তৰত আদিত্যনাথে ক’লে যে এয়া মৰম প্ৰকাশ৷

বান্দৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ কাহিনীভাগ আগুৱাই নি তেওঁ কয়, পিছদিনা বান্দৰটো যেতিয়া কল খাবলৈ আহি মুখ্যমন্ত্ৰীৰ কোলাত বহিছিল, সেই সময়ত কৰ্মকৰ্তাগৰাকীও আহি কাৰ্যালয়ত উপস্থিত হৈছিল৷ কৰ্মকৰ্তাগৰাকীক দেখি বান্দৰটোৱে আক্ৰমণ কৰিবলৈ খেদি গৈছিল৷ তাকে দেখি যোগী আদিত্যনাথে বান্দৰটোক ধমক দি তেনে নকৰিবলৈ কোৱাত বান্দৰটোৱে চুপ চাপ গুছি গৈছিল৷

যোগী আদিত্যনাথে নিজৰ এই ব্যক্তিগত কাহিনী শুনাই বুজাব বিচাৰে যে, বান্দৰকো যদি অত্যাচাৰৰ পৰিৱৰ্তে মৰম কৰা হয়, ফল-মূল খাবলৈ দিয়া হয়, তেন্তে বান্দৰে কেতিয়াও মানুহক আক্ৰমণ নকৰে৷

আনহাতে যোগী আদিত্যনাথে বৰ্ণনা কৰা তেওঁৰ জীৱনৰ বান্দৰৰ কাহিনীটো কিমান সঁচা বা কিমান মিছা সেয়া নিশ্চিত নহ’লেও বান্দৰৰ আক্ৰমণৰ পৰা নিষ্ঠাৰ পাবলৈ হনুমান চালিচা পাঠ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃন্দাবনবাসীক দিয়া পৰামৰ্শই এতিয়া ব্যপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷