newsnextone.com | নগাঁও/বটদ্ৰৱাঃ অসম মাতৃক বিশ্বৰ বুকুত জিলিকাই তোলা স্বৰ্ণকন্যাৰ জন্মভূমি উজ্জ্বলাই তুলিব এতিয়া ৰাজ্য চৰকাৰে। এই বাৰ্তা লৈ চৰকাৰৰ প্ৰতিনিধি হিচাপে হিমাৰ গৃহত উপস্থিত হ'ল নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি৷ হিমাই সৰুতে খেলা তথা খেল আৰম্ভ কৰা ধিঙৰ ৩ নং কান্ধুলিমাৰি গাঁৱৰ খেলপথাৰ খনে পাব এক নতুন ৰূপ।

হিমাৰ নিজৰ গাওঁখনৰ প্ৰতিটো পথতে জ্বলিব ষ্ট্ৰিট লাইট। অধিক আটক ধুনীয়া হব হিমাৰ গাৱঁৰ নামঘৰ। হিমাৰ ঘৰলৈ যাতায়াত ব্যৱস্থাও হব বহু উন্নত। মুঠতে এক নতুন ৰূপত জিলিকি উঠাৰ পথত স্বৰ্ণ কন্যা হিমাৰ নিজৰ ৩নং কান্ধুলিমাৰী গাঁওখন। 

ইণ্ডোনেছিয়াৰ জাকাৰ্টাত পদক লাভৰ হেট্ৰিকেৰে ইতিহাস ৰচিলে অসম কন্যা হিমা দাসে। হিমা দাসৰ সাফল্যত এতিয়া উৎফুল্লিত বৃহত্তৰ ধিং বাসীৰ লগতে সমগ্ৰ দেশবাসী। সেয়ে স্বৰ্ণকন্যা হিমাৰ এনে সাফল্যৰ স্বীকৃতি স্বৰূপে ৰাজ্য চৰকাৰে হিমাৰ জন্মস্থানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অত্যাধুনিক খেল পথাৰ নিৰ্মাণৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। 

ইতিমধ্যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হিমাৰ নিজৰ গাওঁখনত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া-কৰ্মচাৰীৰ দল উপস্থিত হৈ হিমাৰ মৰমৰ খেলপথাৰখন নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। উল্লেখ্য যে, গেম ভিলেজ নিৰ্মাণৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ইতিমধ্যে ১২ বিঘা সত্ৰৰ ভূমি প্ৰদান কৰিছে যদিও আৰু খেলপথাৰ খনৰ বাবে প্ৰয়োজন ৪ বিঘা মাটিৰ। 

কাজেই ৪বিঘা মাটি হলেই ৰাজ্য চৰকাৰে অতি কম সময়ৰ ভিতৰতে খেলপথাৰখনৰ কামো সম্পূৰ্ণ ৰূপত সজাই তুলিবলৈ সক্ষম হ’ব বুলিও নগাওঁ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিছে। ইয়াৰ উপৰিও অঞ্চলটোত আন্তঃগাঁঠনি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অতিকৈ জৰাজীর্ণ হৈ থকা হিমাৰ গাঁৱৰ বাট পথৰ কামো আৰম্ভ কৰিব বুলি জনায়। তদুপৰি গোটেই গাঁওখনক ষ্ট্ৰিট লাইটৰে পোহৰাই তোলাৰো ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে।  

হিমাই প্ৰাৰ্থনা কৰা গাঁৱৰ নামঘৰটো নতুন ৰূপত সজাই তোলাৰ প্ৰস্তুতি আৰম্ভ কৰিছে চৰকাৰৰ ফালৰ পৰা। নগাঁও জিলা উপায়ুক্ত গৰাকীয়ে বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, কেইবাজনো কনিষ্ঠ অভিযন্তাক লগত লৈ হিমাৰ গাঁৱৰ নামঘৰ আৰু খেলপথাৰখন পৰ্যবেক্ষণ কৰে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপক সমগ্ৰ ধিং বাসীৰ লগতে হিমাৰ পৰিয়ালবৰ্গ আৰু গাঁওবাসীয়ে আদৰণি জনাইছে। 

আনহাতে নগাওঁ জিলাৰ প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে হিমাৰ সফলতাত হিমাৰ ঘৰত উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃক গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰি বাৰ্তালাপ কৰে৷