newsnextone.com।নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ শনিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলত ছাত্ৰ একতা সভাৰ প্ৰধান গুৰুত্বপূৰ্ণ তিনিটা পদত আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীক শোচনীয়ভাবে পৰাস্ত কৰি নিজৰ সুনাম অক্ষুন্ন ৰাখিবলৈ সক্ষম হয়৷ ঘোষিত ফলাফলত আছুৰ সমৰ্থিত প্ৰাৰ্থী যথাক্ৰমে সভাপতিৰ পদত বিশাল দাস,সাধাৰণ সম্পাদকৰ পদত কল্পজ্যোতি মেধী আৰু সহকাৰী সাধাৰণ সম্পাদকৰ পদত ৰিজাউল হুছেইন জয়ী হয়৷

ইয়াৰ বিপৰীতে আন পাঁচটা পদত এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়৷ এই প্ৰাৰ্থীকেইজন হৈছে সাংস্কৃতিক সম্পাদকৰ পদত মাধুৰ্য্য প্ৰতীম শইকীয়া,আলোচনী সম্পাদকৰ পদত সৌৰভ কুমাৰ বৰা,ক্ৰীড়া সম্পাদকৰ পদত পিন্সু বণিয়া,দুখীয়া পুঁজি সম্পাদকৰ পদত জ্ঞানজ্যোতি শইকীয়া আৰু ছাত্ৰ জিৰণি কোঠা সম্পাদকৰ পদত সত্যজিৎ হীৰা নিৰ্বাচিত হয়৷

উল্লেখ্য,বিগত বৰ্ষটো হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুয়ে একক আধিপত্য বিস্তাৰ কৰি ছাত্ৰ একতা সভাখন নিজৰ দখলত ৰাখিছিল৷ ছাত্ৰ একতা সভাখনৰ সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি মূল তিনিটা পদত বিজেপিৰ সৰ্বভাৰতীয় ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ হাতত এনেদৰে মুখথেকেচা খাবলগীয়া হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷

আনকি,সভাপতিৰ পদত আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ হাতত পৰাজিত হোৱা এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থী গৰাকী দলংঘাট মণ্ডল বিজেপিৰ সভাপতিৰ ভতিজা বুলি জানিব পৰা গৈছে৷ ইফালে,এনে ঈষণীয় ফলাফলত স্বাভাবিকতেই উৎফুল্লিত হৈ পৰা আছুৰ সমৰ্থকসকলে জয়ী হোৱা প্ৰাৰ্থীসকলক লৈ স্থানীয় অঞ্চলৰ মাজেৰে  এটি শোভাযাত্ৰা উলিয়াই আনন্দত আত্মহাৰা হৈ পৰাৰ বিপৰীতে এবিভিপিৰ সমৰ্থকেও তেওঁলোকৰ জয়ী প্ৰাৰ্থীকেইজনক লৈ আন এটা শোভাযাত্ৰা বাহিৰ কৰে৷