newsnextone.com।ৰঙিয়াঃ সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ পালনৰ কৰে। বিশ্ব হিন্দু পৰিষদৰ কামৰূপ আৰু বাক্সা জিলা সমিতিয়ে পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পূৱা ৰঙিয়া প্ৰগতি সংঘ প্ৰাংগনত বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী মহোৎসৱ পালন কৰে।

পৰিষদৰ কামৰূপ আৰু বাক্সা জিলা সমিতিৰ সভাপতি বীৰেন্দ্ৰ চৌধুৰীয়ে ধৰ্মধ্বজা উত্তোলনেৰে জন্মাষ্টমী মহোৎসৱৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত গো-মাতাৰ পূজা কৰা হয়। জন্মাষ্টমীৰ পৰৱৰ্ত্তী কাৰ্যসূচী আছিল বিশাল সাংস্কৃতিক তথা ধৰ্মীয় শোভাযাত্ৰা। অসম চৰকাৰৰ জলসিঞ্চন ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই উদ্বোধন কৰা শোভাযাত্ৰা পূৱ ৰঙিয়া প্ৰগতি সংঘৰ পৰা আৰম্ভ কৰি সমগ্ৰ ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰে।

শোভাযাত্ৰাত কৃষ্ণ নৃত্যৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য তথা সাংস্কৃতিক প্ৰতিফলন ঘটা দেখা যায়। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সংস্কৃত ভাৰতীৰ প্ৰান্তীয় সভাপতি কুমুদ বৰঠাকুৰ আৰু মন্ত্ৰী ভৱেশ কলিতা।

সভাত শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্ত আৰু মাহাত্ম্যৰ বিতং ব্যখ্যা আগবঢ়ায়। ইপিনে  বৃহত্তৰ ৰঙিয়া চহৰৰ বেচৰকাৰী বাছষ্টেণ্ডৰ সমীপত থকা মন্দিৰ প্ৰাংগনত জন্মাষ্টমীৰ লগতে মহা বিষ্ণু যজ্ঞৰো আয়োজন কৰা হৈছে। এই উপলক্ষে পুৱা ৮ বজাত প্ৰতিমা স্থাপনৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে সমিতিৰ সভাপতি মুকুট চৌধুৰীয়ে। ১০ বজাত স্বৰ্গীয় সন্দীপ কলিতা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা, ১০.৩০ বজাত মহাবিষ্ণু যজ্ঞ আৰম্ভ, আয়তীসকলৰ নাম, ৰাজহুৱা আহুতি ও পুষ্পাঞ্জলি, ভোগ বিতৰণ আবেলি ৪বজাত কৃষ্ণ প্ৰতিযোগিতা, ৫বজাত আমন্ত্ৰিত অতিথিৰ অভ্যৰ্থনা ও পুৰষ্কাৰ বিতৰণ কৰা হয়।

সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পূজা আৰম্ভ ভোগ বিতৰণ আৰু ৭.৩০ বজাত নাগাৰা নাম পৰিবেশন কৰা হয়। দৰং জিলাৰ মহেশ ডেকাৰ নাগাৰা নাম উদ্ধোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই।