newsnextone.com | নগাঁওঃ নগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে চুৰি ডকাইটিৰ দৰে অসমাজিক কাণ্ড বৃদ্ধি পাই অহা পৰিলক্ষিত হৈ থকাৰ সময়তে দেওবাৰে নিশা জিলাখনৰ ৰাঙলুত দুজন গভাইত বাইক চোৰ আৰক্ষীৰ জালত পৰে৷ জানিব পৰা মতে, দেওবাৰে নিশা বাইক চোৰ দুজনে বাইক চুৰি কৰি আহি থকা সময়তে আৰক্ষীৰ হাতত কৰায়ত্ব হয়৷ 

আৰক্ষীয়ে অভিযান চলাই এএছ-০১-বিএম ৭২০৮ নম্বৰৰ এখন চুৰি বাইক সহ আটক কৰে চাহিল হক আৰু ৰাধা খান নামৰ চোৰ দুজনক৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইয়াৰ পূৰ্বেও চুৰি কাণ্ড সংঘটিত কৰাৰ অভিযোগত ধৃত দুয়োজনৰ বিৰুদ্ধে গুৱাহাটীৰ ভৰলুমুখ থানাত গোচৰ ৰুজু হৈ আছে৷

ৰঙলু আৰক্ষীয়ে ধৃত চাহিল হক আৰু ৰাধা খানক আটক কৰি পিছত ভৰলুমুখ আৰক্ষীক চমজাই দিয়ে৷