newsnextone.com | তামুলপুৰঃ দেওবাৰে দিন দুপৰতে তামুলপুৰ মহকুমাৰ কুমাৰীকাটা বজাৰৰ পৰা এখন পালচাৰ বাইক চুৰি হোৱা ঘটনাই গোটেই অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে, বাহবাৰী গাঁৱৰ জনৈক জামালুদ্দিন আহমেদ নামৰ লোকজনে তেওঁৰ এএছ-১৪এইচ-৫৪৩৫ নম্বৰৰ ২২০ পালচাৰ বাইকখন ষ্টেণ্ডত ৰাখি কুমাৰীকাটা বজাৰত বজাৰ কৰিবলৈ যায়। কিন্তু বজাৰ কৰি আহি দেখে যে বাইকখন থোৱা ঠাইত নাই।

পিছত তেওঁ বিচাৰ-খোচাৰ কৰি নিশ্চিত হয় যে বাইক খন কোনোবাই চুৰি কৰি লৈ যায়। 

উল্লেখ্য যে আজি কিছুদিনৰ পৰা কুমাৰীকাটা অঞ্চলত দিন দুপৰতে চুৰি কাৰ্য সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে এতিয়ালৈ এটা চোৰো ধৰিবলৈ সক্ষম নোহোৱাত আৰক্ষীক ৰাইজে সমালোচনা কৰিবলৈ লৈছে।