newsnextone.com|খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত অনুষ্ঠিত হোৱা বিনামূলীয়া ঔষধযুক্ত আঁঠুৱা বিতৰণি সভাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগন্তুক সাংসদ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপিৰ নিৰ্বাচনী ৰণশিঙা বজায়।

কাৰ্বি পৰিষদৰ পশু বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ দিত্যলাল হাষ্ণু,পৰিষদীয় বিথুং ৰেংথেমা সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সদস্য ৰণ বাহাদুৰ ছেত্ৰী, বিজেপি নেতা টাৰজেন লাংথাছা, বিজেপি বিভিন্ন স্তৰৰ নেতা কৰ্মী আৰু কেইবা শতাধিক পুৰুষ মহিলা উপস্থিত থকা সভাত সাংসদ বীৰেনছিং ইংতিক কঠোৰ সমালোচনা কৰি উল্লেখ কৰে যে এক দীৰ্ঘকালীয়া কাৰ্যকালতো ইংতিয়ে কাৰ্বি পাহাৰৰ বাবে একো কৰিব পৰা নাই।

এইগৰাকী স্বাৰ্থন্বেষী সাংসদে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাদে জনগণৰ বাবে একো কৰিব পৰা নাই। ব্যক্তিগতভাৱে দূৰৰে কথা চৰকাৰী আঁচনি ৰূপায়নেৰে ৰাইজৰ এটা সমস্যাও দূৰ কৰিব পৰা নাই পশ্চিম কাৰ্বি আংলঙত ইংতিয়ে।

মুঠতে লেখত লবলগীয়া একো এটা চিনেই নাই পশ্চিম কাৰ্বি আংলঙত। গতিকে কাৰ্বি আংলঙৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত তেনে এগৰাকী সংসদক সাংসদৰ মজিয়াৰ পৰা চিৰ বিদায় দি দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওবাসীয়ে এগৰাকী সুদক্ষ বিজেপিৰ প্ৰাৰ্থীক মনোনীত কৰি নিৰ্বাচিত কৰিব লাগিব বুলি ৰাইজক আহ্বান জনায়।

উল্লেখ্য যে সোমবাৰে অনুষ্ঠিত সভাৰ যোগেদিয়ে শতাধিক পৰিয়ালে আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে। আনহাতে উক্ত সভাত উপস্থিত থকা দৰিদ্ৰ পৰিয়ালৰ মাজত দুখনকৈ ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰে তুলিৰাম ৰংহাঙে।

একেদৰে পৰিষদীয় বিথুং ৰেংথেমা সমষ্টিৰ অন্তৰ্গত ৱমু-আটাৰ, ফাং-ঠেং-ফ্ৰাঙ আৰু কলঙাতো সোমবাৰে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ মাজত দুখনকৈ ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰে তুলিৰাম ৰংহাঙে। উল্লেখযোগ্য যে এনে কাৰ্যসূচীৰ মাজেৰেই ডেৰামুখ হাঞ্চে গাঁওৰ শিতাধিকাৰী কোংৰী তিচ্ছপি আৰু ডেৰামুখৰ জুন অমফিয়ে লাভ কৰা ২০১৭-১৮ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা নিৰ্মাণ সম্পূৰ্ণ কৰা গৃহৰ ৰংহাঙে শুভ উদ্ধোধন কৰাৰ বিপৰীতে চংকান  গাওঁত নিৰ্মাণ সম্পূৰ্ণ কৰা মুকলি মঞ্চৰো শুভ উদ্বোধন কৰে।

গুৰুত্বপূৰ্ণ যে উক্ত উল্লেখিত পৰিষদীয় সমষ্টিটোত মুঠ ৭২৪ গৰাকী হিতাধিকাৰীয়ে এইদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ ইতিমধ্যে লাভ কৰিছে বুলি ৰংখাং উন্নয়ন খণ্ডৰ বিষয়ববীয়াই জানিবলৈ দিছে।