newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ৩১২ নং বাটমাৰী হাইডুবী মোক্তাৱৰ ছাত্ৰ-ছাত্ৰী সকলে মঙলবাৰে বেজিৰ আতংকত বিদ্যালয়ৰ পৰা পলায়ন কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চৰকাৰৰ স্বাস্থ্য বিভাগে শিক্ষা বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত যোৱা ১৭ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈকে সমগ্ৰ অসমত ৯ মাহৰ পৰা ১৫ বছৰৰ সকলো শিশু আৰু কিশোৰ-কিশোৰীক এমআৰ ভেকচিন দিয়াৰ এক বৃহৎ কাৰ্যসূচী গ্ৰহন কৰিছে৷ 

বৰ্তমান সমগ্ৰ ৰাজ্যতে এই কাৰ্যসূচী পৰ্যায়ক্ৰমে অব্যাহত আছে৷ ভাৰতবৰ্ষৰ ৯ মাহৰ পৰা ১৫ বছৰ বয়সৰ সকলো শিশু আৰু কিশোৰ-কিশোৰীক ২০২০ চনৰ ভিতৰত মিজেল্‌ছ আৰু ৰুবেলা ৰোগৰ পৰা মুক্ত কৰা লক্ষ্যৰে ৰূপায়ণ কৰি থকা এই “মিজেল্‌ছ ৰুবেলা টীকাকৰণ অভিযান”ৰ কাৰ্য্যসূচীৰ অংশ হিচাপে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সমূহ বিদ্যালয় আৰু অংগনাবাড়ী কেন্দ্ৰত পুৰ্ণদ্যমে চলাই থকা হৈছে এই টিকাকৰণ অভিযান৷ 

কিন্তু এই টিকাকৰণ অভিযানৰ বাবে মঙলবাৰে বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসাকৰ্মীৰ দল বাটমাৰী হাইডুবী মোক্তাৱত উপস্থিত হোৱাৰ পিছতে বিদ্যালয়খনৰ দুই শতাধিক কণমানি ছাত্ৰ-ছাত্ৰীৰ মাজত বেজীৰ আতংকত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয়। 

আচৰ্যজনকভাবে প্ৰধান শিক্ষক উপস্থিত নথকা মোক্তাৱ বিদ্যালয়খনৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে কিতাপ ফলি এৰি দুৱাৰ খিৰিকিৰে যেনি তেনি পলায়ন কৰে। 

উল্লেখ্য যে, বিভিন্ন বিদ্যালয়ত স্ব-ইচ্ছাই ছাত্ৰ-ছাত্ৰীয়ে এই বিনামূলীয়া টিকা গ্ৰহণ কৰাৰ বিপৰীতে সংখ্যালঘূ বসতিপ্ৰধান এলেকাৰ বিদ্যালয়সমূহত অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীক এই টিকাকৰণ কাৰ্যসূচীত সহযোগ কৰাৰ পৰা বিৰত ৰখাৰ গুৰুত্বৰ অভিযোগ পোৱা গৈছে৷