newsnextone.com | বটদ্ৰৱাঃ ৰাজ্যৰ চৌদিশৰ লগতে সমগ্ৰ দেশকে জোকাৰি যোৱা নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী নিৱেশৰ অন্তৰ্গত লালুংগাঁও বলাৎকাৰ কাণ্ডৰ শুনানি গ্ৰহন কৰাৰ অহা ৭ ছেপ্টেম্বৰত অভিযুক্তৰ শাস্তি ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে নগাঁৱৰ সত্ৰ আদালতে। 

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৩ মাৰ্চত জাকিৰ হুছেইন নামৰ এজন লম্পট যুৱকে একে গাঁওৰে এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি অতি নিৰ্মমভাৱে জীৱন্তে জ্বলাই দিছিল। 

ঘটনাটো ৰাজহুৱা হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে হত্যাকাৰীক গ্ৰেপ্তাৰ আৰু চূড়ান্ত শাস্তিৰ দাবী ব্যাপক দাবী উত্থাপন হৈছিল৷ আনহাতে বটদ্ৰৱা আৰক্ষীয়ে অভিযুক্ত জাকিৰৰ বিৰুদ্ধে ধাৰা ৬৪/১৮ৰ অধীনত এক গোচৰ ৰুজু কৰি পলাতক জাকিৰৰ সন্ধান অভিযান অব্যাহত ৰাখিছিল৷
 
ইয়াৰ পিছতে নগাঁও আৰক্ষী অধীক্ষক, সুদক্ষ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শঙ্কৰব্ৰত ৰায় মেধিৰ দ্বাৰা গঠিত বিশষ তদন্তকাৰী দলৰ তৎপৰতাত লম্পট বলাৎকাৰী জাকিৰ হুছেইনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷

এই গোচৰৰ ভিত্তিত আৰক্ষী অধীক্ষকগৰাকীৰ প্ৰত্যক্ষ তত্বাবধানত নগাঁও আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া তৎপৰতাৰে সম্পন্ন কৰি আদালতত জাকিৰৰ বিৰুদ্ধে বিস্তৃত অভিযোগনামা দাখিল কৰে৷

নগাঁও জিলা সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতে মঙলবাৰে অভিযুক্ত জাকিৰ হুছেইনক উক্ত গোচৰত দোষী সাৱস্ত কৰি ৰায়দান কৰে যদিও পিতৃ, মাতৃ আৰু ভনী জোৱাঁয়েকক দোষ মুক্ত কৰে৷ আদালতে অহা ৭ চেপ্তেম্বৰত দোষী অপৰাধী জাকিৰ হুছেইনৰ শাস্তি ঘোষণা কৰিব৷

ইফালে, নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে জাকিৰক দোষী সাব্যস্ত কৰি ৰায় দান কৰাত উৎফুল্লিত হৈ পৰিছে নৃশংসতাৰ বলি হোৱা কিশোৰীগৰাকী পিতৃ-মাতৃৰ লগতে পৰিয়াল তথা বৃহত্তৰ বটদ্ৰৱা অঞ্চলবাসী৷ অহা ৭ ছেপ্তেম্বৰত দোষী জাকিৰক ফাঁচিৰ হুকুম দিবলৈ দাবী জনাইছে পিতৃ-মাতৃৰ লগতে ৰাইজে৷