newsnextone.com | তামুলপুৰঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত মঙলবাৰে পুৱা দহ বজাত বগাজুলি জাকৈকনা নৈৰ পাৰত স্থানীয় ৰাইজে এটি আঘাত প্ৰাপ্ত বনৰীয়া হাতী পোৱালি উদ্ধাৰ কৰে। 

সোঁ ভৰি আৰু কাণত গুৰুতৰ ভাৱে আঘাতৰ চিন থকা অকলশৰীয়া হাতীৰ পোৱালিটো দিনৰ দহ বজাত বগাজুলি নৈৰ পাৰত উপস্থিত হয়। হাতী পোৱালীটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো স্থানীয় বন বিভাগৰ নিৰ্বিকাৰ আচৰণৰ বাবে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ৷ 

ৰাইজৰ অভিযোগ মতে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ে স্থানীয় ৰাইজক মাত্ৰ দুশ টকা প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে৷ 

ইফালে চিকিৎসাৰ অভাৱত বনৰীয়া হাতী পোৱলীটোৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছে৷ স্থানীয় বন বিভাগৰ নিৰ্বিকাৰ আচৰণ আৰু দায়সৰা মন্তব্যত যদি এইদৰে চিকিত্সাৰ পৰা হাতীৰ পোৱালিটো বঞ্চিত হয় তেন্তে হাতী পোৱালীটোৰ মৃত্যু অনিবাৰ্য বুলি মন্তব্য কৰিছে স্থানীয় লোকসকলে৷