newsnextone.com | বিহালীঃ আজি ৫ ছেপ্টেম্বৰ দিনটো ভাৰতবৰ্ষ তথা ৰাজ্যখনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উলহ মালহেৰে শিক্ষক দিৱস উদযাপন কৰা হয়। 

সভাপতি বৰুৱাই কয় যে, শিক্ষক সমাজক সন্মান কৰাটো এক গুৰুত্বপূৰ্ণ বিষয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বহুবল্কী প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক মাতি নি তুচ্ছ তাচ্ছিল্য কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। একেদৰে মহান দাৰ্শনিক, শিক্ষক, সমাজ বিজ্ঞানী, তথা ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি, ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পোন প্ৰথমবাৰৰ বাবে জিলা কংগ্ৰেছে পালন কৰে।

৫৭ সংখ্যক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্বনাথৰ প্ৰায় ৩১ গৰাকীকৈ অৱসৰপ্ৰাপ্ত শিক্ষকক এখনি ফুলাম গামোচা আৰু মান পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন  কৰে। জিলা সভাপতি দিলীপ বৰুৱাই বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্ত্তিত মাল্যৰ্পন কৰে বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি মনোজ গৌতম আৰু বিহালী সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দ্বীপজ্যোতি বৰাই।

উক্ত শিক্ষক দিৱসত বিশ্বনাথ, বিহালী, চতিয়া অঞ্চলৰ কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকে। ইফালে তিনিসুতি উচ্চ ইংৰাজী বিদ্যালয়ত আছিছ ঘটকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এখনি ফুলাম গামোচা আৰু কলমেৰে সম্বৰ্ধনা জনায়। জিলা খনৰ বিশ্বনাথ, বিহালী আদি অঞ্চলতো উলহ মালহেৰে শিক্ষক দিৱস উদযাপন কৰে।