newsnextone.com। বটদ্ৰৱাঃ শুকুৰবাৰে বিয়লি বিদ্যালয়ৰ পৰা ওভতাৰ পথত বটদ্ৰৱাৰ এগৰাকী শিক্ষয়িত্ৰীৰ স্কুটীত এখন ট্ৰেভেলাৰে খুন্দা মৰাৰ ফলত কথমপি প্ৰাণৰক্ষা পৰে যদিও অতি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৷ 

পূৱ শান্তিজানপাৰ বালিকা মুক্তাৱ বিদ্যালয়ৰ শিক্ষয়িত্ৰী গীতামণি পাঠকে শান্তিজানৰ ওপৰৰ ১/১ পকী দলংখন পাৰ হোৱাৰ লগে লগে ধিঙৰ দিশৰ পৰা বড়িবজাৰলৈ আহি থকা এ এছ ০১-এফ চি-১৩০৭ নম্বৰৰ গাড়ীখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই শিক্ষয়িত্ৰীগৰাকীৰ স্কুটীত খুণ্ডা মৰাৰ ফলত কিছু দূৰৈত চিটিকি পৰে গীতামনি পাঠক ৷ 

চাৰিআলিটোত থকা লোকসকলে পলাবলৈ ধৰা চালকসহ গাড়ীখন কৰায়ত্ব কৰি আৰক্ষীক খবৰ দিয়াৰ লগতে পিঠি, ককালত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীক বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়৷ 

বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়,বটদ্ৰৱা চৰকাৰী বালক বুনীয়াদী বিদ্যালয়, শঙ্কৰদেৱ শিশু বিদ্যা নিকেতন আদি বিদ্যালয়েৰে আবৃত্ত হৈ থকা অতিব্যস্ত চালিআলিটোত গড়কপ্তানী বিভাগে কোনোধৰণৰ প্ৰয়োজনীয় স্পীড বেকাৰ অথবা সংকেট সূচক ফলকৰ ব্যৱস্থা নকৰাৰ ফলত সঘনাই দুৰ্ঘটনাত বহু লোক আহত হবলগা হৈছে ৷ সেয়েহে স্থানীয় ৰাইজে শিঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷