newsnextone.com। বটদ্ৰৱাঃ গাৰ নোম শিয়ঁৰি উঠা নগাঁও জিলাৰ লালুংগাঁও বলাৎকাৰ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অপৰাধী জাকিৰ হুছেইনক নগাঁও চিজেএম আদালতে শুকুৰবাৰে ফাঁচিৰ ৰায়দান কৰে ৷

 নগাঁও জিলাৰ বিভিন্ন সংগঠন,সচেতন ব্যক্তিৰ লগতে অধিবক্তা সমাজ তথা বৃহত্তৰ বটদ্ৰৱা এলেকাৰ ৰাইজে পুৱাৰে পৰা অতি আগ্ৰহেৰে বাট চাই আছিল শাস্তি ঘোষণা হোৱা সেই সময়খিনিলৈ৷ ইতিমধ্যে আদালতে অপৰাধী জাকিৰ হুছেইনক চুড়ান্ত শাস্তি প্ৰদান কৰি ঐতিহাসিক ৰায়দান কৰে৷ 

প্ৰায় পাঁচ মাহৰ ভিতৰতে এনে এটি স্পৰ্শকাতৰ গোচৰৰ ক্ষিপ্ৰ তদন্তৰ পৰা আৰম্ভ কৰি শুকুৰবাৰে ৰায়দানলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো সফলতাৰে সম্পন্ন কৰাৰ বাবে নগাঁও জিলাৰ সুদক্ষ আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধিক সকলোৱে প্ৰশংসা কৰিছে৷ ৰায়দানৰ ফলাফলৰ কৃতিত্ব এছপি-ৰ বুলি মন্তব্য কৰে খোদ ভুক্তভুগি কিশোৰীৰ পিতৃ-মাতৃয়ে ৷

ইতিমধ্যে পুৱাৰে পৰা আদালতৰ ৰায় জানিবলৈ বৃহত্তৰ ভোমোৰাগুৰি লালুংগাঁও অঞ্চলৰ পৰা ভিৰ কৰা উৎসুক জনতাই ৰায় শুনি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়৷ 

আনহাতে নিজৰ ফুলকুমলীয়া জীয়াৰীজনীক বলাৎকাৰ কৰি নৃসংশভাৱে জীৱন্তে জ্বলাই দিয়া হত্যাকাৰী জাকিৰক আদালতে ফাঁচিৰ ৰায়দান কৰাত ভুক্তভোগী কিশোৰীগৰাকীৰ দূৰ্ভগীয়া পিতৃ ৰেজেক আলী তথা মাতৃৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যই আত্মসন্তুষ্টি প্ৰকাশ কৰি আৰক্ষী প্ৰশাসন তথা মহামান্য আদালতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ 

নগাঁও আৰক্ষী প্ৰশাসনে ইতিমধ্যে আদালত চৌহদত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ ওপৰিও যোৱা মাৰ্চ মাহত ঘটনা সংঘটিত হোৱা লালুংগাঁও অঞ্চলতো আৰপিএফৰ জোৱান মোতায়ন কৰি পৰিস্থিতি পর্যবেক্ষণত ৰাখিছে ৷