newsnextone.com | কাজিৰঙাঃ কাজিৰঙাৰ কুঠৰীত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ বাসগৃহটিত উপস্থিত হৈ বাসগৃহটি সংৰক্ষণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ সন্মুখত প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল। পৰিৱৰ্তনকামী চৰকাৰখনৰ চূড়ান্ত উদাসীনতাৰ বাবেই সম্প্ৰতি জহি-খহি গৈছে ভূপেন দাৰ বাসগৃহটি। 

উল্লেখ্য যে, ৬০ দশকত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কলিয়াবৰ মহকুমাৰ কুঠৰীত প্ৰায় ১২ বিঘা মাটিৰে আবৃত্ত নিৰিবিলি ঠাইত ভূপেন দাই নিৰ্মাণ কৰিছিল এটি সৰু পঁজা। কাজিৰঙাৰ অপৰূপ সৌন্দৰ্যত মুগ্ধ হোৱা বাবেই ভূপেন দাই কুঠৰীত নিৰ্মাণ কৰিছিল এই সৰু পঁজাটি আৰু সেই পঁজাৰ ভিতৰত থকা নিজৰ বিচনাখনত বহি হাৰমনিয়াম লৈ ভূপেন দাই ৰচি গৈছিল ইটোৰ পাছত সিটো কালজয়ী গীত। 

গুৱাহাটীৰ পৰা উজনি অসমলৈ অহা যোৱা কৰোতে ভূপেন দাই প্ৰায়ে জিৰণি লৈছিল সেই সৰু পঁজাটোত। নিজৰ এই সৰু পঁজাটো চোৱাচিতা কৰিবৰ বাবে দেৰগাঁৱৰ সুৰেণ নেওগ নামৰ এজন চফল ডেকাক ভূপেন দাই লৈ আহিছিল কুঠৰীলৈ। ভূপেন দা কুঠৰীৰ ঘৰখনলৈ আহিলে সকলো আলৈপেচান ধৰে সুৰেণ নেওগে। কুঠৰীত থকা সময়চোৱাত ভূপেন দাৰ ছাঁটোৰ দৰে লাগি ৰৈছিল সুৰেণ নেওগ। 

সেই সুৰেণ নেওগ এতিয়া ককা হ’ল। বিগত ৫০ বছৰ ধৰি ভূপেন দাৰ মৰমৰ কুঠৰীৰ ঘৰখন চোৱাচিতা কৰি আহিছে সুৰেণ নেওগে। নিজ পুত্ৰ, জী, নাতিনীক লৈ ভূপেন দাৰ সেই ঘৰখনতে এতিয়াও আছে সুৰেণ নেওগ। কিন্তু ভূপেন দাৰ প্ৰাণ সোমাই থকা সেই মৰমৰ ঘৰখন এতিয়া জৰাজীৰ্ণ অৱস্থা। ঘৰৰ টিনত এতিয়া গছ-বন গজিল। বাঁহেৰে ঠেকা লগাই ঘৰৰ চাৰিবেৰ যেনে তেনে ৰখাই থোৱা হৈছে। মুঠতে ভূপেন দাৰ কুঠৰীৰ মৰমৰ ঘৰখন এতিয়া সম্পূৰ্ণ নিশ্চিহ্ন হোৱাৰ পথত। 

কিন্তু, এই গৰাকী অসম ৰত্ন মহীৰূহ ভূপেন দাৰ প্ৰতি চৰকাৰে যে অৱহেলা কৰিছে সেয়া এতিয়া জলজল পটপট কৈ ওলাই পৰিছে। কাৰণ পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰৰ ভূপেন দাৰ এই মৰমৰ ঘৰখন সংৰক্ষণৰ বহু প্ৰতিশ্ৰুতি এতিয়া অসাৰ প্ৰতিপন্ন হ’ল। উল্লেখ কৰা প্ৰয়োজন যে, সোণোৱাল চৰকাৰৰ মাজুলীৰ কেবিনেট বৈঠকত ভূপেন দাৰ কুঠৰীৰ ঘৰখন সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। 

তদুপৰি, দুবছৰৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কুঠৰীৰ ঘৰখনত উপস্থিত হৈ ৰাইজৰ সন্মুখত ঘোষণা কৰিছিল ভূপেন দাৰ এই মৰমৰ ঘৰখন সংৰক্ষণ কৰা হ’ব বুলি। কিন্তু, সেই সকলো প্ৰতিশ্ৰুতি এতিয়া ফুটুকাৰ ফেনত পৰিণত হ’ল। সোণোৱাল চৰকাৰে আজিলৈকে ভূপেন দাৰ মৰমৰ ঘৰখন সংৰক্ষণ কৰাৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। যাৰ বাবে ভূপেন দাৰ বহু স্মৃতি বিয়পি থকা কুঠৰীৰ ঘৰখন এতিয়া সম্পূৰ্ণ জহিখহি গ’ল। 

অৱশ্যে এই জৰাজীৰ্ণ বাসগৃহতে বহু ক্ষোভ আৰু দুখ বুকুত বান্ধি সুৰেণ নেওগৰ পৰিয়ালে আজি ভূপেন দাৰ ৯২ সংখ্যক ওপজা দিনৰ দিনা পুৱা ভূপেন দাৰ প্ৰতিমূৰ্তিত চাকি-বন্তি জ্বলাই উদ্‌যাপন কৰে। কুঠৰীৰ ঘৰখনৰ সন্মুখত ২০১৩ চনতে স্থাপন কৰা ভূপেন দাৰ বিশাল প্ৰতিমূৰ্তিত সুৰেণ নেওগে ভূপেন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সোণোৱাল চৰকাৰক কৰযোৰে বাসগৃহটি সংৰক্ষণ কৰিবলৈ প্ৰাৰ্থনা জনায়। 

কুঠৰী হাইস্কুলৰ লগতে স্থানীয় ৰাইজ উক্ত বাসগৃহত উপস্থিত হৈ চাকি-বন্তি জ্বলোৱাৰ লগতে ভূপেন দাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। একাংশ ৰাইজে পৰিৱৰ্তনৰ শ্ল'গান দিয়া সোণোৱাল চৰকাৰক উক্ত বাসগৃহটি সংৰক্ষণ কৰিবৰ বাবে পুনৰবাৰ আহ্বান জনায়।