newsnextone.com | ৰঙিয়াঃ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনাই ৰঙিয়াত অসমীয়াৰ হিয়াৰ আমঠু সুধাকন্ঠৰ এটি বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। ভূপেন হাজৰিকা প্ৰতিমূৰ্তি সংৰক্ষণ সমিতি আৰু ৰঙিয়াৰ অগ্ৰনী সামাজিক, সাংস্কৃতিক অনুষ্ঠান "স্বৰগোষ্ঠী"ৰ যুটীয়া উদ্যোগত আয়োজিত অনুষ্ঠানটিত শনিবাৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰে অসমৰ যশস্বী শিল্পী দ্বীপেন বৰুৱাই। 

কামৰূপ জিলা পৰিষদৰ সদ্য প্ৰাক্তন সভাপতি দেবব্ৰত কলিতাই জিলা পৰিষদৰ পুঁজিৰ দ্বাৰা ৰঙিয়াৰ তিনিগয়া (মূৰাৰা) চ’কত নিৰ্মাণ কৰা প্ৰতিমূৰ্তিটোৱে সমগ্ৰ চহৰখনকে এটা নতুন চিনাকি দিব। ভূপেন হাজৰিকা প্ৰতিমূৰ্তি সংৰক্ষণ সমিতিৰ সভাপতি নৰেন্দ্ৰ শৰ্মাৰ লগতে উন্মোচনী অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ, গল্পকাৰ তথা বৰ্তমানে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুল শইকীয়া উপস্থিত থাকে।

ইয়াৰ পাছতে ৰঙিয়াৰ প্ৰায় ১৫ টাতকৈ অধিক অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱাভাৱে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক সম্বৰ্ধনা জনায়। স্বৰগোষ্ঠীৰ সচিব জোতিৰ্ময় কলিতাই আঁত ধৰা গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটিত সুধাকন্ঠৰ প্ৰতি শ্ৰদ্ধাজ্ঞলি জনাই ৰঙিয়াৰ কেইবাজনো উদীয়মান শিল্পীয়ে গীত পৰিবেশন কৰে। 

ইফালে উক্ত অনুষ্ঠানটোত উপস্থিত থাকি আৰক্ষী সঞ্চালকপ্ৰধান গৰাকী যথেষ্ট আৱেগিক হৈ পৰে। বহু পুৰনি কথা সুঁৱৰি নষ্টালজিক হৈ পৰে। সাংবাদিকৰ সৈতে হোৱা কথোপকথনত আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে বৰ্তমানে অসম আৰক্ষীত পৰ্য্যাপ্ত আৰক্ষী নথকাৰ কথা স্বীকাৰ কৰি লগতে কয় যে অতি শীঘ্ৰেই খালী থকা পদসমূহ পূৰণ কৰি আৰক্ষী বাহিনীটো শক্তিশালী কৰা হ’ব। আনহাতে, NRC সন্দৰ্ভতো গুৰুত্বপূৰ্ন মন্তব্য কৰে কুল শইকীয়াই। NRCৰ চুডান্ত খচৰা প্ৰকাশৰ পাছত অসমৰ পৰিবেশ পৰিস্থিতি যথেষ্ট সুস্থিৰ হ’ব বুলি মন্তব্য কৰি তেওঁ এই ক্ষেত্ৰত আৰক্ষীৰ চোকা নজৰ ৰখাৰ কথাও দোহাৰে৷