newsnextone.com | তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (৩৭) নামৰ ব্যক্তি এজনৰ আত্মহত্যাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ বিদেশী ন্যায়াধিকৰণ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে হতাশাগ্ৰস্ত হৈ যুৱকজনে আত্মহত্যাৰ পথ বাচি লোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। 

উল্লেখ্য যে, বিনয় চন্দৰ মাতৃ শান্তি চন্দৰ নামত বিদেশী ন্যায়াধিকৰণত এক বছৰ পূৰ্বৰে পৰা এটি গোচৰ ৰুজু হৈছিল। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বিনয় চন্দে তামুলপুৰস্থিত বিদেশী ন্যায়াধীশকৰণ আদালতলৈ গৈ গৈ জুৰুলা হৈ পৰিছিল। 

প্ৰকৃত ভাৰতীয় নাগৰিক হৈও সন্দেহযুক্ত নাগৰিকৰ গোচৰটো নিস্পত্তি নোহোৱাত মানসিক আৰু অৰ্থনৈতিক ভাৱে ভাঙি পৰিছিল বিনয় চন্দ আৰু তেওঁৰ পৰিয়াল। ভূতৰ ওপৰত দানৱ পৰা দি ৰাষ্ট্ৰীয়  নাগৰিক পঞ্জীৰ দ্বিতীয় খচৰাত পৰিয়ালটোৰ নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ৰমান্বয়ে মানসিক ভাৱে ভাঙি পাৰিছিল। 

যাৰ পৰিণতিত মাত্ৰ ২০ দিনীয়া এটি সন্তানৰ পিতৃ বিনয় চন্দে হতাশাগ্ৰস্থ হৈ আজি পুৱতি নিশা চিপজৰি লৈ আত্মহত্যাৰ পথ বাছি লয়। এই বিনয়ী নম্ৰ যুৱক জনৰ অস্বাভাৱিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।