newsnextone.com  ৰৌতাঃ মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ বেছিমাৰী উন্নয়ন খণ্ডৰ সভাকক্ষতো আইচিডিএছ আঁচনিৰ অধীনত দিনজোৰা কাৰ্যসূচীৰে পোষণ মাহ উদযাপন হৈ যায়। ৰাতিপুৱা ১১ বজাত প্ৰায় চাৰি শতাধিক অংগনবাড়ী সহায়িকা-কৰ্মী আৰু আশা কৰ্মী সকলে একত্ৰিত হৈ হাতে হাতে প্লে’কাৰ্ড লৈ শিশুক ছমাহলৈ মাতৃ দুগ্ধ পান কৰাওঁক, পুষ্টিহীন শিশুৰ বিশেষ যত্ন লওঁক, সেউজীয়া শাক-পাচলি প্ৰচুৰ পৰিমানে খোৱাওঁক, বাল্যবিবাহ বন্ধ কৰক আদি বিভিন্ন শ্ল’গান দি বেছিমাৰী উন্নয়ন খণ্ডৰ সভাকক্ষৰ পৰা বেছিমাৰী টাউনলৈ এক সজাগতামূলক সমদল কৰা পৰিলক্ষিত হয়।

উক্ত সমাজখনক কিদৰে সু-স্বাস্থ্য আৰু মানুহক কিদৰে অন্ধ বিশ্বাসৰ পৰা আঁতৰাই ৰাখিব পাৰি তাৰ প্ৰতি অংগনবাড়ী কৰ্মীৰ লগতে আশা কৰ্মীসকলে যিদৰে ভূমিকা পালন কৰি আহিছে অনাগত দিনত আৰু অশেষ কষ্টৰ প্ৰয়োজন আছে বুলি মতপোষণ কৰে। লগতে তেওঁ আৰু কয় যে গৰ্ভৱতী মহিলা সকলক যথেষ্ট পৰিমাণে আইৰণযুক্ত খাদ্য, ঢেঁকীয়া শাক ,কণী, ৰঙালাউ, কচুপাত, পদিনা, মধুৰি আম, কলফুল, ছয়াবিন, কাছকল আদি কম খৰচী খাদ্য খোৱাবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও উক্ত সভাকক্ষত কেবা প্ৰকাৰৰ পুষ্টিকৰ আহাৰ যুক্ত শাক-পাচলি, ৰহৰ ডাইল, বুটমাহ আদিৰ প্ৰদৰ্শনীও কৰা হয়।