newsnextone.com | পশ্চিম নলবাৰীঃ পশ্চিম নলবাৰীৰ ঐতিহ্যমণ্ডিত বৰনদ্দী হাটখোলা দূৰ্গা পূজা সমিতিয়ে ‘দায়বদ্ধতাৰে কৰিব পৰা সামাজিক বৰঙণি মুলক কাম’ শীৰ্ষক সদৌ অসম ভিত্তিত আয়োজিত প্ৰবন্ধ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে৷ 

প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে ডলী শৰ্মা (গুৱাহাটী) ৰবেন্দ্ৰ কুমাৰ দাস (গুৱাহাটী) আৰু সাৰদা দেবী (নলবাৰী)য়ে৷ প্ৰথম পুৰস্কাৰ প্ৰাপ্ত প্ৰতিযোগীক ৩০০১ টকা, দ্বিতীয় পুৰস্কাৰ প্ৰাপ্তক ২০০১ টকা আৰু তৃতীয় পুৰস্কাৰ প্ৰাপ্তক ১০০১ টকাৰ লগতে বিজয়ী প্ৰতিযোগীক মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হ’ব৷

প্ৰতিযোগীসকলক অহা ১৮ অক্টোবৰত দূৰ্গা পূজাৰ নৱমী পূজাৰ দিনা বৰনদ্দীৰ এক বিশেষ সাংস্কৃতিক অনুষ্ঠানত অভিনন্দন জনোৱা হ’ব বুলি বৰনদ্দী হাটখোলা শ্ৰীদূৰ্গা পূজা সমিতিৰ যুটীয়া সম্পাদক পুলকেশ ৰায় বৰুৱা আৰু ৰাতুল চন্দ্ৰ ডেকাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিছে৷