newsnextone.com | বিলাসীপাৰাঃ বিলাসীপাৰাস্থিত প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত আজি কংগ্ৰেছৰ এখন কৰ্মী সভা অনুষ্ঠিত হয়। বিলাসীপাৰা ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত তথা ব্লক সভাপতি আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা খন। সভাত মুখ্য অতিথি হিচাপে উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য। 

প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশা, উপ-সভাপতি তথা প্ৰাক্তন সাংসদ আব্দুল হামিদ লগতে উপস্থিত থাকে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, জিলা মহিলা সভানেত্ৰী বেবী বেগম যুৱ নেতা ছাফিজুৰ ৰহমান আলকাচ, জহিৰুল ইছলাম প্ৰমুখ্যে কে’বাগৰাকী ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ নেতা কৰ্মী। দুই সহস্ৰাধিক দলীয় নেতা কৰ্মী উপস্থিত থকা সভাখনত কংগ্ৰেছী নেতা অপূৰ্ব ভট্টাচাৰ্যই কেন্দ্ৰ আৰু ৰাজ্যত শাসকীয় বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি থকা সৰকা কৰে। 

নেতাগৰাকীয়ে ৰাফেল কেলেংকাৰীৰ নায়ক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীকো তীব্ৰ ভাষাৰে সমালোচনা কৰে। লগতে আৰু কয় যে, কংগ্ৰেছৰ দিনত ৰাজ্যত আৰম্ভ হোৱা NRC উন্নীতকৰণক লৈ বিজেপিয়ে ৰাজনীতিকৰণ কৰা কাৰ্য অতি গৰিহণাৰ যোগ্য। কিয়নো কংগ্ৰেছ দলে ধৰ্মৰ ভিত্তিত নহয়, অসম চুক্তিৰ আধাৰত NRCৰ চূড়ান্ত তালিকাখন প্ৰস্তুত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছে | লগতে সবকা সাথ সবকা বিকাশ শ্ল’গান আওৰোৱা বিজেপি চৰকাৰে ৰাজ্যত প্ৰতিদিনেই অত্যাৱশ্যকীয় সা-সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ ফলত কোঙা হৈ পৰিছে ৰাজ্যবাসী। 

আনহাতে, কংগ্ৰেছী জ্যেষ্ঠ নেতাগৰাকীয়ে সভাত উপস্থিত দলীয় নেতা কৰ্মী সকলক সমাগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত দলীয় স্থিতি মজবুত কৰি গঢ়ি তোলাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। লগতে বিলাসীপাৰা পুৱ আৰু পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত বিত্তীয় ধনৰ কেলেংকাৰীৰ অভিযোগত বিলাসীপাৰা গান্ধী চ’কত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ প্ৰতিমুৰ্তি দাহ কৰে।