newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া ঘাঁহীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ শ্ৰমিক সংগঠনটোৰ ঘাঁহী আঞ্চলিক সমিতিৰ উদ্যোগত বিজেপি চৰকাৰৰ আশীষধন্য এচাম বণিক গোষ্ঠীৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা হয়৷ কৃষি-কৰ্মৰ বাবে প্ৰতিশ্ৰুতি দি ক্ৰয় কৰা কৃষিভূমি আন কামত ব্যৱহাৰ কৰিবলৈ ওলোৱাত এনে কাৰ্য বন্ধ কৰাৰ দাবীত মূলতঃ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোয়ে৷ 

জানিব পৰা মতে, কেইবছৰমান পূৰ্বে নগাঁৱৰ কেইবাটাও বণিক গোষ্ঠীয়ে ডিমৌ-বৰঘাট সংযোগী ফ’ৰলেন বাইপাচৰ কাষৰ প্ৰায় পাঁচ হাজাৰ বিঘা কৃষিভূমি কৃষক ৰাইজৰ পৰা ক্ৰয় কৰিছিল কৃষি কামত ব্যৱহাৰ কৰাৰ ভুৱা আশ্বাস দি৷ কিন্তু এই কৃষিভূমি ক্ৰয় কৰাৰ সময়ত যি প্ৰতিশ্ৰুতি কৃষক ৰাইজক দিছিল সেই প্ৰতিশ্ৰুতিক একাষৰীয়া কৰি সেই কৃষি ভূমিসমূহত বৰ্তমান বিভিন্ন উদ্যোগ স্থাপনৰ বাবে আঁচনি তৈয়াৰ কৰি ইয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে বণিক গোষ্ঠীকেইটাই৷ 

কাজেই, বণিক গোষ্ঠীৰ এনে মইমতালিত স্বাভাৱিকতেই অত্যন্ত ক্ষোভিত হৈ পৰিছে স্থানীয় অঞ্চলবাসী ৰাইজ৷ ফলস্বৰূপে স্থানীয় ৰাইজৰ স্বাৰ্থত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি হাতত লয় এই প্ৰতিবাদী কাৰ্যসূচী৷ প্ৰায় দুই শতাধিক প্ৰতিবাদী ৰাইজে হাতে হাতে বেনাৰ, প্লে’কাৰ্ড লৈ বিজেপি, আৰএছএছ মুৰ্দাবাদ, বণিক গোষ্ঠী হুঁচিয়াৰ, আমাৰ দাবী মানিবই লাগিব আদি ধ্বনিৰে আকাশ-বতাহ কঁপাই পৰিবেশ উত্তায়ল কৰি তোলে৷ 

এনে প্ৰতিবাদৰ খবৰ পাই ৰহা ৰাজহ চক্ৰৰ বিষয়া প্ৰতিবাদস্থলীত উপস্থিত হৈ দাবী পূৰণৰ বাবে বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ আশ্বাস দিয়াত প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পেলোৱা হয়৷ পিছত প্ৰতিবাদকাৰীসকলে চক্ৰ বিষয়াগৰাকীৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ৰাজহ দপ্তৰৰ মন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷