newsnextone.com।শিৱসাগৰঃ ৰাজ্যৰ জৰাজীৰ্ণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি কাম অতি লেহেমীয়া গতিত হোৱাৰ প্ৰতিবাদত আজি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে শিৱসাগৰ জিলাৰ ডিমৌত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাৰ উপস্থিতিৰ সংগঠনটোৰ দুই শতাধিক নেতা-কৰ্মীয়ে অসম চৰকাৰ হায় হায়, ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম শীঘ্ৰে কৰক,মটক যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ আদি শ্লগানেৰে প্ৰায় ১ ঘন্টা সময় ডিমৌৰ ৰাজপথ উত্তাল কৰি তোলে।

মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই কয় যে,“অহা এক মাহৰ ভিতৰত পথটি সম্পূৰ্ণ নকৰিলে ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰাৱস্থাৰ বাবে আমাৰ সাধাৰণ ৰাইজে সদায় জীয়াতু ভোগি থাকিব নোৱাৰে। ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত সৰহ সংখ্যক যান-বাহন দুৰ্ঘটনাৰ অন্যতম কাৰণ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ঠায়ে - ঠায়ে হোৱা পুখুৰী সদৃশ গাঁত আৰু নিৰ্মাণ কাৰ্য সঠিকভাৱে নোহোৱা। ১ মাহৰ ভিতৰত শীঘ্ৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰিলে প্ৰৱল জংগী আন্দোলন আৰু গণ প্ৰতিবাদৰ বাবে চৰকাৰ সাজু থাকক । ”বুলি সংগঠনটোৱে চৰকাৰলৈ সকীয়নি দিয়ে।