newsnextone| তেজপুৰঃ তেজপুৰত এন আৰ চিৰ পাঁচটা নথি প্ৰত্যাহাৰৰ শপতনামা দাখিলৰ বিৰুদ্ধে আজি সৰব হৈ পৰিল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু ৷  শোনিতপুৰ জিলাৰ সদৰ তেজপুৰৰ আদালত চাৰিআলিত আজি দুই শতাধিক আমছু সদস্যই দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰূদ্ধে তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰে৷ 

আমছু সদস্যসকলৰ ভিতৰত ‘‘প্ৰতীক হাজেলা মুৰ্দাবাদ, প্ৰতীক হাজেলাৰ মইমতালি বন্ধ কৰক, এন আৰ চিৰ পৰা পাঁচটা নথি প্ৰত্যাহাৰ কৰা নচলিব, এন আৰ চিক লৈ ৰাজনীতি নচলিব, নথি কৰ্তনৰ শপতনামা প্ৰত্যাহাৰ কৰক’’ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷    

এন আৰ চিৰ অসম ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই যোৱা পাঁচ ছেপ্টেম্বৰত পোন্ধৰবিধ নথিৰ পৰা পাঁচবিধ নথি কৰ্তন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত শপতনামা দিছিল৷ সেই বিষয়ত শোনিতপুৰ জিলা আমছুই তীব্ৰ বিৰোধীতা কৰে ধৰ্মঘটৰ প্ৰদৰ্শনেৰে৷ আনহাতে ভৱিষ্যতেও সংগ্ৰাম অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে৷ পাছত  শোনিতপুৰ জিলা উপায়ুক্তৰ জৰিয়তে এন আৰ চি কৰ্তৃপক্ষলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে৷