newswqnextone.com | তামুলপুৰঃ সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাৰ নাগ্ৰীজুলিস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰতো মঙলবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উলহ মালহেৰে পালন কৰা হয়। 

গুৰুজনাৰ তিৰোভাব তিথি উপলক্ষে সত্ৰত ৰাতিপুৱা আই-মাতৃ সকলে নাম প্ৰসংগ কৰাৰ পিছতেই সত্ৰত উপস্থিত ভক্তবৃন্দই নাম-প্ৰসংগ কৰে। কুমাৰিকাটাৰ খৈৰাবাৰী শংকৰদেৱ শাখা সত্ৰৰ পৰা অহা ভক্তবৃন্দৰ তত্বাৱধানত অনুষ্ঠিত হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ পৰে নাগ্ৰীজুলিৰ আকাশ-বতাহ। 

মঙলাবাৰে গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপনৰ দিনা সমগ্ৰ নাগ্ৰীজুলি অঞ্চল ভক্তি ৰসত বুৰ যোৱা পৰিলক্ষিত হয়। দিনৰ ১ বজালৈ হৰিনাম কীৰ্তন ধ্বনিৰে আকাশ মুখৰিত হোৱাৰ পিছত প্ৰসাদ বিতৰণৰে সমাপ্ত হয় গুৰুজনাৰ তিৰোভাব তিথি।