NEWSNEXTONE.COM | ওদালগুৰিঃ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱটি ওদালগুৰি শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয় চৌহদত আয়োজন কৰা হৈছে। মহোৎসৱটিৰ কাৰ্যসূচী অনুসৰি, ১৯ ছেপ্টেম্বৰৰ পুৱা ৪ বজাত অৱনী ভকতৰ পৰিচালনাত প্ৰভাত ফেৰী, পুৱা ৮.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ ভকতবৃন্দৰ পৰিচালনাত থাপনা গৃহত ভাগৱত স্থাপন আৰু নাম প্ৰসঙ্গ, পুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি নৰেন দাসে। 

পুৱা ৯.৩০ বজাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা পৰিচালনা কৰিব ওদালগুৰি টাউন স্পৰ্ট ক্লাৱে। দিনৰ ১০ বজাত বনজিৎ দাসৰ পৰিচালনাত চিত্ৰাংকণ প্ৰতিযোগিতা, পুৱা ১০.৩০ বজাত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বক্তৃতা প্ৰতিযোগিতাৰ "ক" শাখা অষ্টম শ্ৰেণীলৈ বিষয়- শ্ৰীমন্ত শঙ্কৰদেৱ আৰু "খ" শাখা নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীলৈ বিষয়- সৰ্বগুণাকৰ শ্ৰীমন্ত শঙ্কৰদেৱ। 

দিনৰ ১১.৩০ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ওদালগুৰি আঞ্চলিক সমিতিৰ পৰিচালনাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ আবেলি ৪ বজাত আই সকলৰ মাজত ঘোষানাম প্ৰতিযোগিতা আৰু সন্ধিয়া ৬ বজাত বৰগীত প্ৰতিযোগিতাৰ পিছত সন্ধিয়া ৬.৩০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰিব শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ শৰণাচাৰ্য বিমল ভকতে।

নিশা ৭.৩০ বজাত বিটিচিৰ এম চি এল এ তথা নগৰ সমিতিৰ সভাপতি ৰিপেন দৈমাৰীয়ে সাংস্কৃতিক মঞ্চ উদ্বোধন কৰাৰ পিছতেই নিশা ৮.৩০ বজাত শংকৰী নাম ধৰ্ম প্ৰচাৰ সমিতিৰ শংকৰী কলা-কৃষ্টি প্ৰদৰ্শন হ’ব৷ 

ইফালে, ২০ ছেপ্টেম্বৰৰ পুৱা ৮ বজাত মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰৰ ভকতবৃন্দৰ পৰিচালনাত থাপনা গৃহত নাম প্ৰসঙ্গৰ পিছত পুৱা ৯ বজাত শংকৰী নাম ধৰ্ম প্ৰচাৰ সমিতি আৰু মণিকাঞ্চন মিলন সমাজৰ পৰিচালনাত থাপনাগৃহ প্ৰাঙ্গণত থিয়নাম প্ৰদৰ্শন, ১০ বজাত ভাগৱতলৈ নগৰ পৰিভ্ৰমন (সাংস্কৃতিক শোভাযাত্ৰা) উদ্বোধন কৰিব জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে। সন্ধিয়া ৬ বজাত একক সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, সন্ধিয়া ৭.৩০ বজাত কাঁচিয়লি সুৰ সঙ্গমৰ শিল্পী সকলৰ দ্বাৰা শংকৰী কলা-কৃষ্টি প্ৰদৰ্শন আৰু নিশা ৯ বজাত এমুঠি ডেকা দল নাট্যগোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা নাট্যাভিনয় প্ৰদৰ্শন হ’ব৷

২১ ছেপ্টেম্বৰৰ পুৱা ৮ বজাত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আৰু মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰৰ আই-মাতৃ সকলৰ দ্বাৰা থাপনা গৃহত নাম প্ৰসঙ্গ প্ৰদৰ্শন কৰাৰ পিছত পুৱা ১০.৩০ বজাত ফ্ৰেণ্ডচ্ ছ'চাইটিৰ পৰিচালনাত ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ আবেলি ৪ বজাত পুৰী প্ৰকল্পৰ কাৰ্যকৰী সভাপতি নৰেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া, নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° দয়ানন্দ পাঠক, শ্ৰীমন্ত শংকৰ সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি জগৎ বনিয়া, বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহণ দৈমাৰী ,আমন্ত্ৰিত অতিথি হিচাপে শৰণাচাৰ্য বিমল ভকত, মাজবাটৰ বিধায়ক চৰণ বড়ো,আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটঙ্গীয়া উপস্হিত থাকিব।

নিশা ৮.৩০ বজাত পুৰস্কাৰ দাঁতা সকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে নিশা ৯ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ সাংস্কৃতিক গোষ্ঠী আৰু ববীৰাণীৰ কলা-কৃষ্টি কাৰ্যসূচী প্ৰদৰ্শিত হ’ব৷ নিশা ১২ বজাত ধৰ্মধ্বজা অৱতৰণেৰে তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব। উক্ত সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।