newsnextone.com| চতিয়াঃ  বিশ্ব অভিলেখ গঢ়া বসন্ত দাস এতিয়া আৰু নায়৷ চতিয়াৰ নিৱাসী ক্ৰীয়াবিদ বসন্ত দাসে অতি কম বয়সত মৃত্যুক আঁকোৱালি লয়৷ গুৱাহাটী মেডিকেল কলেজত নিশা মৃত্যু হয় দাসৰ৷ দীৰ্ঘদিন ধৰি এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ আছিল দাস৷

হেণ্ডেল এৰি লোক বাদ্য বজাই মটৰ চাইকেল চলাই, লোক বাদ্য বজাই ব্ৰহ্মপুত্ৰ সাতুৰি, ১০ জনকৈ আৰোহী উঠাই চাইকেল চলাই কেইবাটাও বিশ্ব অভিলেখ গঢ়িছিল প্ৰয়াত দাসে ৷ লগতে বহু দুঃসাহসিক ক্ৰীয়াৰ জৰিয়তে দেশী-বিদেশী অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল৷ বসন্ত দাসৰ মৃত্যুত চতিয়াৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।