newsnextone.com | লিডুঃ অসমীয়া সমাজ সংস্কৃতিৰ বৰভেঁটি গঢ়োতা মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম আৰ্ৱিভাৱ ভাগি পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে লিডু কেন্দ্ৰীয় নামঘৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷ লিডু কেন্দ্ৰীয় নামঘৰে গৌৰৱোজ্জ্বলেৰে পঞ্চাশ বৰ্ষ সম্পূৰ্ণ কৰাৰ পৱিত্ৰ ক্ষণত ১৫ চেম্তেম্বৰৰ পৰা ১৯ চেপ্তেম্বৰৰ লৈকে বিস্তৃত কাৰ্যসূচীৰে মহাপুৰুষ জনাৰ নামত আয়োজন কৰিবলৈ প্ৰস্তুতি তুংগত কৰি তুলিছে৷

আয়োজনখনৰ বাবে লোকনাথ কোঁৱৰক সভাপতি আৰু ৰানাজ্যোতি নেওঁগক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন হোৱা উদযাপন সমিতি খনে অনুষ্ঠানটোক সাফল্য মণ্ডিত কৰি তোলাৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে৷ পাঁচদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে হ’ব লগীয়া অনুষ্ঠানটিত তিনিখনকৈ ভাওনা মঞ্চস্থ কৰা হ’ব ৷ প্ৰথম দিনা স্থানীয় শিশু শিল্পী সকলৰ দ্বাৰা " দ্বিবিৰৰ মুক্তি লাভ বলোৰামৰ হস্তিনাপুৰ উদ্ধাৰ " ভাওঁ ভাগি মঞ্চস্থ কৰা পৰিৱৰ্তে ১৭ চেপ্তেম্বৰত পাটকাই নাট্য গোষ্ঠীৰ দ্বাৰা " ৰাৱনৰ দ্বিগবিজয় পৰশুৰামৰ মাতৃহত্যা " নাট ভাওনা প্ৰদৰ্শন কৰা হ’ব বুলি জানিব পৰা গৈছে৷ ১৯ চেপ্তেম্বৰৰ মুখ্য আকৰ্ষণ সদৌ অসম ভিত্তিত আয়োজিত ভাওঁনা প্ৰতিযোগীতাত প্ৰথম পুৰষ্কাৰ প্ৰাপ্ত ভাওৰীয়া সমাহাৰেৰে গঠিত বৃন্দাৱন নাট্য গোষ্ঠীৰ দ্বাৰা নিবেদিত " বিপ্ৰ দামোদৰ আখ্যান "নাটকখনক ভাওনাৰ দ্বাৰা দৰ্শকক আমোদ লগাব বুলি প্ৰতিশ্ৰুতি দিয়ে সমিতিখনে৷

আনহাতে অনুষ্ঠানৰ অন্তিম দিনাৰ নাম প্ৰসঙ্গত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শ্ৰী শ্ৰী আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত পীতাম্বৰ দেৱ গোস্বামী দেৱ৷ সেয়ে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে৷ লগতে হ’বলগীয়া বিভিন্ন প্ৰতিযোগীতা অংশগ্ৰহণ কৰিবলৈ দল সমূহলৈ আমন্ত্ৰণি গোহাৰী আগবঢ়াইছে৷ উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ভিন্ন প্ৰান্তৰত এতিয়াও এনেদৰেই গুৰুজনাৰ আৱিৰ্ভাৱ ভাগি আদৰিবৰ বাবে ভক্ত প্ৰাণ ৰাইজ তৎপৰ হৈ পৰাৰ পৰিলক্ষিত হৈছে৷