newsnextone.com। শিৱসাগৰঃ শিৱসাগৰৰ পৰা সন্ধানহীন হৈ আছে অনন্ত আলী নামৰ এজন ৬৬ বছৰীয়া ব্যক্তি। শিৱসাগৰ জিলাৰ নামতি চাৰিআলি ধোদৰ আলি গাঁৱৰ পৰা বিগত পাঁচ দিন ধৰি সন্ধানহীন হৈ আছে ৬৬ বছৰীয়া এই ব্যক্তিজন। ব্যক্তিজনৰ নাম অনন্ত আলী। গাঁওখনৰ জামানুৰ ৰহমানৰ জ্যেষ্ঠ ভাতৃ অনন্ত আলী যোৱা ১১ চেপ্তেম্বৰৰ সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ আছে। ইতিমধ্যে পৰিয়ালৰ লোকে আমগুৰি আৰক্ষী থানাত সন্ধানহীন হোৱা সন্দৰ্ভত অৱগত কৰিছে। কোনো সদাশয় লোকে ব্যক্তিজনৰ সন্ধান পালে ৯৭০৭৪-৩১৪৫১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।