newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীত এখন স্কুলত সংঘটিত হৈছে অঘটন৷ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে সহপাঠীৰ বিৰুদ্ধে৷ স্কুল চলি থকাৰ সময়তে একাংশ সহপাঠীয়ে মৰিয়াই মৰিয়াই হত্যা কৰে৷ দিল্লীৰ জ্যোতিনগৰত এছকেভি নামৰ শিক্ষানুষ্ঠানত এই কাণ্ড সংঘটিত হৈছে৷ নিহত ছাত্ৰৰ পৰিয়ালে আৰক্ষীক অভিযোগ দাখিল কৰাত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷

বুধবাৰে শিক্ষানুষ্ঠানত গৌৰৱ নামৰ ছাত্ৰজনক সংকটজনক অৱস্থাত বিদ্যালয় চৌহদত উদ্ধাৰ হয়৷ সৰ্ব শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ থকাত জিটিভি চিকিৎসালয় নিয়া হয় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ 

দিল্লীৰ বাবৰপুৰ অঞ্চলৰ বাসিন্দা গৌৰৱক একাংশ সহপাঠীৰ সৈতে সংঘাত লাগিছিল৷ তাৰ পিছত তেওঁক আবদ্ধ কৰি আৰু মৰিয়াই মৰিয়াই অচেতন অৱস্থাত পেলাই থৈ যায়৷ ইতিমধ্যে এই কাণ্ডৰ অভিযুক্ত ছাত্ৰসকলে পলায়ন কৰে৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি ছাত্ৰসকলক ধৰিবলৈ অভিযান আৰম্ভ কৰিছে৷