newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ধিং থানাৰ এলেকাধীন ২ নং কান্ধুলীমাৰী নিবাসী ইন্নচ আলীৰ পুত্ৰ তথা জাগীৰোড পৰ্বত নগৰ হাফিজীয়া মাদ্ৰাছাৰ ছাত্ৰ ছাদিকুল ইছলাম ফৰাজী বিগত এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই স্থানীয় অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

প্ৰাপ্ত খবৰ মতে, ১৩ বছৰীয়া ছাত্ৰজনে যোৱা ২ ছেপ্টেম্বৰৰ দিনা পুৱাৰ ভাগত ২ নং কান্ধুলীমাৰীৰ নিজ বাসগৃহৰ পৰা জাগীৰোডৰ মাদ্ৰাছালৈ বুলি ৰাওনা হোৱাৰ পিছৰে পৰা ৰহস্যজনকভাবে সন্ধানহীন হয়। এনেদৰে হঠাৎ ছাত্ৰজন নিৰুদ্দেশ হৈ পৰাত পৰিয়ালৰ লোকে নিজৰ আত্মীয়-স্বজনৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰি-খোচাৰ কৰিও বৰ্তমানলৈকে কোনো শুংসুত্র বাহিৰ নোহোৱাত ছাত্ৰজনৰ পৰিয়ালবৰ্গ গভীৰ চিন্তাগ্ৰস্ত হৈ পৰিছে ৷ 

ইফালে, ছাত্ৰজন সন্ধানহীন হোৱা সন্দৰ্ভত তেওঁৰ পিতৃয়ে ইতিমধ্যে যোৱা ৭ ছেপ্তেম্বৰত ধিং আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও ছাত্ৰজনৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। গতিকে সন্ধানহীন হোৱাৰ সময়ত পায়জামা-পাঞ্জাৱী আৰু টুপি পৰিধান কৰি থকা ৫ ফুট উচ্চতাৰ বগা বৰণৰ ছাত্ৰজনৰ কোনো লোকে কিবা সম্ভেদ পালে ৯১০১৪-২৭৫৭২ আৰু ৯৩৬৫-৬৮৮২৭১ ম’বাইল নম্বৰ অথবা নিকটবৰ্তী আৰক্ষী চকীত খবৰ দিবলৈ ছাত্ৰজনৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গই জনাইছে৷