newsnextone.com | কাকপথাৰঃ সমাজ সলনি কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছে দৰিদ্ৰ মহিলা৷ ঘৰৰ চাৰিবেৰৰ মাজত থকা দিন গ’ল সেই কথা আজি বুজি পাইছে চাহ বাগিচাত কাম কৰা মহিলাসকলে৷ এতিয়া সকলো দিশতে পুৰুষৰ সমানে সমানে আগবাঢ়িব লাগিব নাৰী৷ তাৰ লগে লগে নৰীয়ে সমাজো পৰিৱৰ্তন কৰিব লাগিব৷ চহৰ, নগৰৰ লগতে গ্ৰাম্য অঞ্চলৰ মহিলাই পিছপৰি নাথাকি স্বাৱলম্বী হোৱাৰ লগতে নিতৌ সমাজত সংঘটিত সমাজৰ বাবে বৰবিহ স্বৰূপ কাণ্ড সমূহ মষিমূৰ কৰিবলৈ নাৰীয়ে বিশেষ ভূমিকা ল’ব লাগিব সেই কথা আজিৰ নাৰীয়ে বুজি পাইছে৷ 

যাৰ বাবে বাগিচাৰ প্ৰতিটো লাইনৰ মাদক দ্ৰৱ্য বন্ধ কৰক, কুকুৰা যুঁজ বন্ধ কৰক, জুৱা খেলা বন্ধ কৰাৰ দাবী জনাই আহিছে৷ বাগিচাৰ সাধাৰণ ঘৰৰ মজিয়াত বহি নাৰীয়ে নিজে সজাগ হোৱাৰ লগতে নিজৰ স্বামীক সজাগ কৰাৰ সংকল্প লয়৷ মদ, ভাং, যৌন হিংসা, ঘৰুৱা হিংসাই সমাজ খনক অসুস্থ কৰাৰ সময়তে  তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত টঙনাগাঁও চাহ বাগিচাত মহিলাই অনুষ্ঠিত কৰি গৈছে সজাগতা সভা৷

টঙনাগাঁও চাহ বাগিচা কুলিবিল লাইনত দেওবাৰেও মহিলা ওলাই আহি সজাগতা সভা অনুষ্ঠিত কৰে। কুলিবিল লাইন মহিলাসমিতিৰ উদ্যোগত অনুষ্ঠিত সজাগতা সভাত টঙনাগাঁও বাগানৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক পূৰ্বানন্দ তাঁতিয়ে সভাপতিত্ব কৰে।

সভাত স্বেচ্ছাসেৱী অনুষ্ঠান ভাৰতী এডুকেচনেল ট্ৰাষ্টৰ সমন্বয়ক মৃদুলা কলিতাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি অন্ধবিশ্বাস-কুসংস্কাৰে গ্ৰাস কৰা সমাজখন নিকা কৰি এখন সুস্থ সবল সমাজ গঢ়াত মহিলাসকলে মুখ্য ভূমিকা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা অাছে বুলি উল্লেখ কৰে।

ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰা ধৰ্ষণ, হত্যা, ঘৰুৱা নিৰ্যাতন, নিচাসক্ত হৈ লাইন সমূহত কৰি অহা অপকৰ্ম অাদি ৰোধৰ ক্ষেত্ৰটো মহিলাসকলেই একত্ৰিত হৈ প্ৰতিবাদ কৰিব লাগিব বুলি মুখ্য অতিথিগৰাকীয়ে বক্তব্য অাগবঢ়ায়।

কুলিবিল লাইনৰ মহিলা অাৰু পুৰুষৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাত সম্প্ৰতি সমাজত বাঢ়ি অহা নাৰীজনিত অপৰাধ, শিশু নিৰ্যাতন, অপহৰণ, হত্যা অাদিৰ দৰে ঘটনা সমূহ ৰোধ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা কৰে। 

উল্লেখ্য যে, বৃহত্তৰ টঙনা অঞ্চলত পূৰ্বে অন্ধবিশ্বাস-কুসংস্কাৰৰ ফলশ্ৰুতিত বহুকেইটা সৰু বৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোত অাৰম্ভ কৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে সুস্থ সামাজিক পৰিবেশ গঢ়ি উঠিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে৷