newsnextone.com| তেজপুৰঃ সমাজৰ কিছুমান ব্যৱসায়ী গোষ্ঠীয়ে থলুৱা উদ্যোগীক বিভিন্ন সময়ত ঠগ প্ৰবঞ্চনা কৰি আহিছে। ৫২ নং ঘাই পথৰ বিশ্বনাথৰ পৰা  গহপুৰৰ পথৰ বিদ্যুৎ সংযোগ কাম সম্পূৰ্ণ কৰাৰ বাবে অৰুণাচলৰ কেন্দ্ৰীয় মন্ত্ৰীৰ গৰাকী অনুগামীয়ে পাইছিল। এই কাম তেজপুৰৰ গোস্বামী ইঞ্জিনীয়াৰিঙ আৰু গুৱাহাটীৰ দিপালী এণ্টাৰপ্ৰাইজক ২০১৬ চনত প্ৰায় ১২ কোটি টকাৰ কাম কৰাৰ নিৰ্দেশ দিয়ে। অৰুণাচলৰ মেচাচ ৰাম কে ৱাই টি কে ( জে ভি) পৰা কাম লাভ কৰাৰ পিছত স্থানীয় ঠিকাদাৰ গ্ৰহণ কাৰী সংস্থা দুটাই কেৱাকোটি টকাৰ বিল দিয়াৰ পিছত ৪৫ লাখ টকাৰ আদায় দিছিল। কিন্তু বিগত দিন সমুহ বহু বাৰ অৰুণাচলৰ ৰাম কে ৱাই টি কে( জে ভি ) ওচৰত আবেদন কৰা হৈছিল যদিও কোনো ধৰণৰ গুৰুত্ব নিদিলে। আজি শোনিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত হোৱা সংবাদমেলত সকলো তথ্য সদৰি কৰি থলুৱা কোম্পানী দুটাই যদি সোনকালে আদায় নকৰে তেন্তে সংস্থাৰ লোকসকলে আদালতৰ কাষ চপাৰ মন্তব্য কৰে ।