newsnextone.com৷ তেজপুৰঃ মানুহ ইমান কেনেকৈ নিষ্ঠুৰ প্ৰকৃতিৰ হ’ব পাৰে? তাৰে এক নিৰ্দশন দেখিবলৈ পোৱা গৈছে তেজপুৰত৷ তেজপুৰৰ ডিপোটা নৈত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পাচত উদ্ধাৰ নৱজাতকটোৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। কোনো লোকে নিজৰ পৰকীয় প্ৰেমৰ ফলশ্ৰুতি অবৈধ ভাবে সন্তান জন্ম দি এনেদৰে হত্যা কৰি নদীত পেলাই দিয়ে বুলি জানিব পৰা গৈছে৷ প্ৰেমৰ প্ৰতিদানত ফুলকুমলীয়া এপাহ ফুলক আজুৰি নি চিঙি পেলোৱাৰ দৰে শিশুটিৰ হত্যা কৰা হয়৷ এচাম লোকে সমাজৰ কৰ্কথনাৰ ভয়ত নতুবা আত্মীয়জনৰ বাবে লজ্জাবোধ কৰি এনে ঘৃণনীয় কাম কৰিবলৈ উদ্যত হয়৷ কিন্তু পাপ নকৰাকৈ নিজৰ পাপৰ ফল ভোগীবলগীয়া হয় অন্যজনে৷ আজিৰ সমাজত এয়া অপৰাধ নে ন্যায় তাৰো এক প্ৰশ্ন হৈ ৰৈছে মাথোন৷