newsnextone.com| নুনমাটিঃ চিইচিয়েও ধুমধামেৰে উদযাপন কৰিলে বিশ্বকৰ্মা পূজা। গুৱাহাটীৰ নুনমাটিত অৱস্থিত চিইচি শাখাৰ সৌজন্যত কেন্দ্ৰতে আয়োজন কৰে বিশ্বকৰ্মা পূজা৷ পুৱাৰে পৰা বিশ্বখনিকৰ বিশ্বকৰ্মাক আৰাধনা কৰে চিইচিয়ে৷ লগতে এই পূজাত ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী তথা নিউজ নেক্সট ওৱানৰ সকলো সংবাদকৰ্মীয়ে অংশ লোৱা পৰিলক্ষিত হয়৷ 

গোটেই মহানগৰীত লানি নিছিগা মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে। আনুষ্ঠানিকৰ লগতে বহুলোকে নিজ গৃহতে পূজা-অৰ্চনা কৰি আৰাধনে কৰে বিশ্বকৰ্মাক৷ হিন্দু ধৰ্মৰ মতে তেখেতক নিৰ্মাতা তথা সৃজন দেৱতাৰ নামৰেও জনা যায়। বিভিন্ন লোকতথ্য, বেদৰ মতে বিশ্বকৰ্মাৰ বিষয়ে ভিন্ন ধৰণে পোৱা যায়৷ সৌৰবৰ্ষৰ কন্যা সংক্ৰান্তিৰ প্ৰত্যেক বৰ্ষৰ আজি ১৭ চেপ্তেম্বৰ দিনটোত উদযাপন কৰা হয় বিশ্ব কৰ্মা পূজা৷ আজিৰ দিনটোত চৰকাৰী, অনানুষ্ঠানিক অভিযান্ত্ৰিক সংস্থাত আনন্দ উল্লাখৰে বিশ্ব কৰ্মা পূজা সম্পন্ন কৰা হয়৷ 

জানিব পৰা মতে মাহ-প্ৰসাদ, ফল-মূলৰ নৈবেদ্য আগবঢ়াই দেৱতাৰ জনৰ চৰণত৷ প্ৰভূজনৰ আৰ্শীবাদ লৈ পূজ্য দিনটোত সকলোৱে প্ৰীতিকৰ ভোজন কৰি অতিথি আপ্যায়ন কৰাৰ লগতে বেছ উদ্যম আৰু সহযোগীতাৰে কাৰ্য ভাগ নিয়াৰিকৈ সম্পন্ন কৰে৷