newsnextone.com|  নলবাৰীঃ নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত অহা ১৭ ছেপ্তম্বৰত দিনযোৰা কাৰ্য্যসূচীৰে বিশ্বকৰ্মা পূজাৰ অাযোজন কৰা হৈছে। ৰাতিপুৱা ৬ বজাত ঊষা কীৰ্ওন, ১০ বজাত পূজা অাৰম্ভ, ১২ বজাত সমূহীয়া পুষ্পাঞ্জলী, ১২-৩০ বজাত প্ৰষাদ বিতৰণ, অাবেলি ১ বজাত প্ৰীতি ভোজন, ৪ বজাত নিমন্ত্ৰিত অতিথিৰ অভ্যৰ্থনা, ৫ বজাত নাগাৰাৰ নাম প্ৰদৰ্শন কৰা হ’ব বুলি প্ৰকাশ কৰে পূজা সমিতিয়ে৷ নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ বিশ্বকৰ্মা পূজা উদযাপনৰ বাবে ধৰনীধৰ দাসক সভাপতি অাৰু প্ৰহলাদ দাসক সম্পাদক হিচাপে লৈ সমিতি গঠন কৰি পূজাভাগ আয়োজন কৰিছে৷