newsnextone.com | খেৰণিঃ উজনিৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰী অাৰু ললিমাই দেৱীক ৰেলৰ ভিতৰত ধৰ্ষণ-হত্যা কৰাৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত জংঘলত এগৰাকী ৩০ বছৰীয়া মহিলাৰ মৃতদেহ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

যোৱা ১৩ জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা বিবাহিত মহিলাগৰাকী ৪৮ ঘণ্টাৰ অন্তত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক সহজে লব পৰা নাই ৰাইজে৷ স্থানীয়ে ৰাইজে সন্দেহ কৰা মতে দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰিছে মহিলাগৰাকীক৷

জানিব পৰা মতে, যোৱা ১৩ জুলাইত ডংকামোকাম লং-এহ পি গাঁৱৰ আৰলিছ তেৰনপি নামৰ মহিলাগৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আত্মা সহায়ক গোটৰ মাজৰ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হোৱা কথা-বাৰ্তা প্ৰত্যক্ষ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল। পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম উপ-আৰক্ষী চকী অন্তৰ্গৰ ডংকামোকাম লং-এহ পি গাঁৱৰ হাৰমন ৰংহাঙৰ পত্নী আৰলিছ তেৰনপিয়ে মোডীৰ কাৰ্যসূচী চাবলৈ ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা নিৰুদ্দেশ হয়৷ 

পৰিয়ালে বিচাৰ-খোচাৰ কৰি থকাৰ সময়তে ডংকামোকাম লং-এহ পি গাঁৱত জংঘলত দেওবাৰে পুৱা একাংশ লোকে মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে৷ ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়া হয়৷ আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰি ধৰ্ষণকাণ্ড সংঘটিত হৈছে নাই সেই কথা কব খোজা নাই যদিও স্থানীয়ে ৰাইজে এয়া ধৰ্ষণ-হত্যা কাণ্ড বুলি কব খোজে৷ ৰাইজে ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনায়৷